নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ভেকচিনত ব্যৱহাৰ গাহৰিৰ মাংস!

অপপ্রচাৰত শংকিত মুছলমান–ইহুদী সম্প্রদায়ৰ লোক

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ ক’ভিড–১৯ মহামাৰী প্রতিৰোধৰ বাবে বিশ্বজুৰি চিকিৎসা বিজ্ঞানী আৰু গৱেষকসকলে ভেকচিন প্রস্তুতৰ বাবে বিৰামহীন প্রচেষ্টা চলাই থকাৰ সময়তে একাংশ ধর্মীয় সম্প্রদায়ে ভেকচিনত গাহৰিৰ মাংস তথা চর্বি ব্যৱহাৰ কৰা বুলি আশংকা প্রকাশ কৰিছে৷ মুছলমান আৰু ইহুদীসকলৰ মাজত গাহৰিৰ মাংস ভক্ষণ নিষিদ্ধ৷ শেহতীয়াকৈ এক অপপ্রচাৰ আৰম্ভ হৈছে যে ক’ৰোনা ভাইৰাছ ভেকচিন প্রস্তুতৰ বাবে ব্যৱহাৰ কৰা হৈছে গাহৰিৰ মাংস৷ ইফালে, এই ভেকচিনবিধ গ্রহণৰ ক্ষেত্রত মুছলমান নেতা একাংশৰ মাজত সৃষ্টি হৈছে বিতর্ক৷ একাংশ মুছলমান ধর্মীয় নেতাই বিষয়টোক সমর্থন জনাই কৈছে যে কোৰানত কোনো ব্যক্তিয়ে নিজৰ জীৱন ৰক্ষা কৰিবলৈ ‘হাৰাম’ ব্যৱহাৰ কৰিলেও তাক গ্রহণযোগ্য বুলি অভিহিত কৰিছে৷ উত্তৰ প্রদেশৰ এগৰাকী মুছলমান নেতা মৌলানা খালিদ ৰছিদ ফিৰাংগি মাহালিয়ে অৱশ্যে মুছলিম সম্প্রদায়ৰ লোকসকলক ক’ভিড ভেকচিন গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷ কোনো ধৰণৰ অপপ্রচাৰত গুৰুত্ব নিদি মহামাৰী প্রতিৰোধৰ বাবে এই ভেকচিন গ্রহণ কৰিবলৈ নেতাগৰাকীয়ে মুছলমান লোকসকলক অনুৰোধ জনাইছে৷ দৰব কেতিয়াও ধর্মীয় বিষয় হ’ব নোৱাৰে বুলি উল্লেখ কৰি মাহালিয়ে কয় যে জীৱনৰ নিৰাপত্তা হৈছে আটাইতকৈ গুৰুত্ব দিবলগীয়া কথা৷ গতিকে ক’ভিড মহামাৰীৰ ভেকচিন সকলো ধর্মৰ লোকে গ্রহণ কৰা উচিত বুলি উল্লেখ কৰিছে মুছলমান নেতাগৰাকীয়ে৷

You might also like