নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুনমাটিৰ ব্যৱসায়িক প্রতিষ্ঠানত টিনপাত কাটি চোৰৰ লুটপাত

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চুৰি–ডকাইতি, লুণ্ঠনৰ ঘটনা৷ মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলাস্বৰূপ উদঙাই প্রতিদিনে চোৰে মহানগৰীৰ বিভিন্ন স্থানত লুটপাত চলাই আহিছে৷ কালি নিশা পুনৰ মহানগৰীৰ নুনমাটি থানাৰ অন্তর্গত নাৰেংগীৰ শিৱশক্তি ড্রেডার্ছ নামৰ ব্যৱসায়িক প্রতিষ্ঠানখনত চোৰে লুটপাত চলায়৷ জানিব পৰা মতে, কালি নিশা প্রতিষ্ঠানখনৰ স্বত্বাধিকাৰী সুনীল চান্দালিয়াই প্রতিষ্ঠানখন বন্ধ কৰি ঘৰলৈ যায়৷ আজি পুৱাৰ ভাগত ওচৰৰ ব্যৱসায়ীসকলে প্রতিষ্ঠানখনৰ ওপৰৰ টিন কটা দেখা পাই স্বত্বাধিকাৰী সুনীল চান্দালিয়াক খবৰ দিয়ে৷ লগে লগে প্রতিষ্ঠানখনৰ মালিক ঘটনাস্থলীত উপস্থিত হৈ ব্যৱসায়িক প্রতিষ্ঠানখনৰ ভিতৰত সোমাই সকলো সামগ্রী লণ্ডভণ্ড হৈ থকা প্রত্যক্ষ কৰাৰ উপৰি প্রতিষ্ঠান ঘৰৰ টিনপাত আৰু ফলছ চিলিং কটা থকা দেখা পায়৷ স্থানীয় ব্যৱসায়ীসকলে সন্দেহ কৰা মতে চোৰটোৱে সম্ভৱতঃ ঘৰৰ টিন আৰু ফলছ চিলিং কাটি প্রৱেশ কৰিছিল৷ পিছত সকলো প্রত্যক্ষ কৰি স্বত্বাধিকাৰগৰাকীয়ে সমগ্র ঘটনা সন্দর্ভত নুনমাটি আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ আৰক্ষীৰ প্রাথমিক তদন্তত চোৰে দোকানৰ কেছবক্স ভাঙি নগদ ২০,০০০ টকা, আমূল টাজা, খিছমিছ আদিকে ধৰি বহু সামগ্রী বস্তাত ভৰাই লৈ যোৱা বুলি সন্দেহ প্রকাশ কৰে৷ তদুপৰি চোৰটোৱে দোকানৰ ভিতৰত গাখীৰ আৰু খিছমিছ খাই যোৱাৰ চিনো স্পষ্ট হৈ আছে বুলি আৰক্ষীৰ প্রাথমিক তদন্তত ওলাই পৰিছে৷ আনহাতে চোৰটো ইমানেই চালাক যে চোৰটোৱে যোৱাৰ সময়ত ব্যৱসায়িক প্রতিষ্ঠানখনত সংলগ্ণ থকা চি চি কেমেৰাৰ যন্ত্রাংশ খুলি থৈ যায়৷ উল্লেখ্য যে তিনি দিন পূর্বে শিৱশক্তি ড্রেডার্ছৰ সমীপতে থকা মাৰুতি ড্রেডার্ছত একে কায়দাৰে চুৰি কার্য সংঘটিত হৈছিল৷ কিন্তু চিচি কেমেৰাত চোৰজনৰ মুখমণ্ডল স্পষ্ট হৈ থকাৰ পিছতো আজিকোপতি মহানগৰীৰ স্মার্ট আৰক্ষীয়ে চোৰটোক আটক কৰিবলৈ সক্ষম হোৱা নাই৷

You might also like