পোদ্দাৰ কাৰ ৱর্ল্ডৰ বিৰুদ্ধে আদালতৰ দাৰস্থ হ’ব ভুক্তভোগী মণ্টু বড়ো
নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ মহানগৰীৰ খানাপাৰাস্থিত ‘পোদ্দাৰ কাৰ ৱর্ল্ড’ৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব এগৰাকী ভুক্তভোগী গ্রাহকে৷ পুৰণা বাহনত ৰং সানি নতুন বুলি গ্রাহকক বিক্রী কৰাৰ অভিযোগ তুলি প্রতিষ্ঠানটোৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ব৷ আজি দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি ভুক্তভোগী গ্রাহক মণ্টু বড়োৱে সদৰী কৰে৷ তেওঁ লগতে কয় যে পোদ্দাৰ কাৰ ৱর্ল্ডৰ পৰা তেওঁ যোৱা তিনি ডিচেম্বৰত এখন মাৰুতি চেলেৰি’ ডিএক্সআই বাহন ক্রয় কৰিছিল৷ কিন্তু প্রতিষ্ঠানটোৱে গ্রাহকজনক নতুন বাহনৰ পৰিৱর্তে এখন ৰং কৰা পুৰণি বাহন নতুন বুলি বিক্রী কৰে৷ এই কথা পৰৱর্তী সময়ত পোহৰলৈ অহাত গ্রাহকজনে পোদ্দাৰ কর্তৃপক্ষক অৱগত কৰাত প্রতিষ্ঠানটোৱে অভিযোগ স্বীকাৰ কৰি নতুন বাহন যোগান ধৰিব বুলি লিখিত প্রতিশ্রুতি দিয়ে৷ কিন্তু নির্দিষ্ট বাহনখন দিয়াৰ বাবে দীঘলীয়া সময়ৰ প্রয়োজন হ’ব আৰু এইক্ষেত্রত গ্রাহকজনে অপেক্ষা কৰিব লাগিব বুলি প্রতিষ্ঠানৰ কর্মচাৰীসকলে গ্রাহকজনক অৱগত কৰে৷ যিহেতু বাহনখন দিয়াত সময়ৰ প্রয়োজন হ’ব সেয়েহে গ্রাহকজনে পোদ্দাৰ কর্তৃপক্ষক চেলেৰি’ৰ পৰিৱর্তে এখন ছুইফট বাহন বিচাৰে আৰু ইয়াৰ বাবে প্রয়োজনীয় অতিৰিক্ত ধন প্রতিষ্ঠানটোক দিব বুলি অৱগত কৰে৷ একে সময়তে এই কথা প্রতিষ্ঠানটোৱে অস্বীকাৰ কৰাত ভুক্তভোগী গ্রাহকজনে সমগ্র ঘটনা সন্দর্ভত কামৰূপ মহানগৰ জিলা পৰিবহণৰ কার্যালয়ক অৱগত কৰাত বিষয়টো সন্দর্ভত পৰিবহণ বিভাগৰ কার্যালয়ে চৰজমিন তদন্ত কৰি প্রতিষ্ঠানটোৰ অনুজ্ঞাপত্র সাময়িকভাৱে ছীল কৰি অভিযোগ নিষ্পত্তি নোহোৱা পর্যন্ত গাড়ী বিক্রী বন্ধ ৰখাৰ নির্দেশ দিয়ে৷ আনহাতে বিষয়টো সন্দর্ভত প্রতিষ্ঠানটোৱে আদালতৰ দ্বাৰস্থ হোৱাত আদালতে সাময়িকভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ে গাড়ী বিক্রীৰ নিষেধাজ্ঞাত স্থগিতাদেশ দিয়ে৷ লক্ষণীয়ভাৱে আজিপর্যন্ত গ্রাহকজনক পোদ্দাৰ কর্তৃপক্ষই বিতর্কিত বাহনখন চমজি লয় যদিও গ্রাহকজনক নতুন বাহন দিয়া নাই বুলি বড়োৱে সংবাদ মেলত কয়৷