পূব লাডাখৰ দুর্গম অঞ্চলত জেনেৰেল নাৰাৱানে
এলএচিত চীনৰ আগ্রাসনৰ বিৰুদ্ধে ভাৰতীয় বাহিনীৰ প্রস্তুতিৰ পর্যালোচনা
নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ সুদীর্ঘ সাত মাহতকৈ অধিক কাল ধৰি পূব লাডাখৰ দুর্গম পার্বত্য সীমান্তত ভাৰত আৰু চীনৰ সেনাৰ মাজত উত্তেজনা চলি থকাৰ সময়তে আজি ভাৰতীয় স্থলসেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাৱানেই আজি অঞ্চলটোৰ বিভিন্ন স্থান পৰিদর্শন কৰে৷ পূব লাডাখত সেনা বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ নাৰাৱানেই সীমান্তত সামৰিক প্রস্তুতিৰ বুজ লয়৷ সেনা সূত্রই সদৰী কৰিছে এই তথ্য৷ স্থলসেনাৰ এক বিবৃতিত প্রকাশ পোৱা অনুসৰি জেনেৰেল নাৰাৱানেই ৰেছিন লা আৰু অন্যান্য সীমান্ত অঞ্চল পৰিদর্শন কৰি প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)ত ভাৰতীয় বাহিনীৰ প্রস্তুতি সন্দর্ভত বুজ লয়৷ চীনা বাহিনীৰ আগ্রাসনৰ সময়ত তাৎক্ষণিকভাৱে তাক প্রতিহত কৰিবলৈ ভাৰতীয় সেনা পূব লাডাখত সষ্টম হৈ আছে নে নাই সেয়া পৰিদর্শন কৰি বুজ লয় নাৰাৱানেই৷ স্মর্তব্য যে এল এ চিত প্রায় ৫০ হাজাৰ ভাৰতীয় সৈনিক ইতিমধ্যে মোতায়েন কৰা হৈছে৷ পূব লাডাখৰ দুর্গম পার্বত্য অঞ্চলত প্রতিৱেশী শত্রু ৰাষ্ট্রৰ মোকাবিলা কৰিবলৈ সকলো সময়তে এই সৈনিকসকলক সষ্টম কৰি ৰাখিছে স্থলসেনাই৷ লক্ষণীয়ভাৱে দুর্গম এই পার্বত্য অঞ্চলৰ এল এ চিত সমসংখ্যক সৈনিক ৰাখিছে চীনেও৷ স্থলসেনাৰ মুৰব্বীগৰাকীক এই ভ্রমণকালৰ সময়ত ‘ফায়াৰ এণ্ড ফিউৰী’ বিষয়া হিচাপে পৰিচিত লেফটেনেণ্ট জেনেৰেল পি জি কে মেননে ভাৰতীয় বাহিনীৰ প্রস্তুতিৰ সবিশেষ তথ্য জনায়৷