‘জালিকাট্টু’ আয়োজনত অনুমতি চৰকাৰৰ
নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ প্রাচীন তথা জনপ্রিয় ষাঁড়গৰুৰ দৌৰ ‘জালিকাট্টু’ অনুষ্ঠিত কৰাত আজি অনুমতি প্রদান কৰিছে তামিলনাডু চৰকাৰে৷ উল্লেখনীয় যে ক’ভিড–১৯ প্রট’কল মানি জালিকাট্টু আয়োজন কৰিবলৈ ৰাজ্য চৰকাৰে আজি অনুমতি প্রদান কৰাৰ লগে লগে বিষয়টোক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে প্রতিক্রিয়া৷ পূর্বে ন্যায়ালয়ে এই খেল আয়োজনৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও তামিলনাডু চৰকাৰে তাক মানি লোৱা নাই৷ জালিকাট্টুত অংশগ্রহণ কৰা প্রতিজন লোকে ক’ভিড–১৯ নিগেটিভ প্রমাণ–পত্র দিব লাগিব৷ ইয়াৰ উপৰি এই জনপ্রিয় খেলবিধত দর্শকৰ সংখ্যা আসনৰ তুলনাত ৫০ শতাংশ কম হ’ব লাগিব বুলিও চৰকাৰে নির্দেশনা জাৰি কৰিছে৷