নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনশিৰি প্রকল্পৰ কেনেল মেৰামতিত কেলেংকাৰি

নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ দৰঙত ধনশিৰি প্রকল্পৰ নামনি অংশৰ নলা মেৰামতিৰ নামত ১.৮৮ কোটি টকা আত্মসাতৰ ফন্দি ৰচনাৰ গুৰুতৰ তথ্য পোহৰলৈ আহিছে৷ ওদালগুৰি আৰু দৰং জিলা জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তাৰ কার্যালয়ৰ পৰা নিয়ন্ত্রিত সমগ্র কর্মকাণ্ডৰ এতিয়া তদন্ত দাবী কৰিছে ৰাইজে৷ লক্ষনীয় যে, দীর্ঘদিনৰ পৰা জৰাজীর্ণ হৈ পৰি আছে দৰং ওদালগুৰি জিলাৰ অন্তর্গত কেনেলসমূহ৷ ধনশিৰি প্রকল্পৰ পূর্বৰ কেলেংকাৰীৰ ভূতে এতিয়া বিজেপি চৰকাৰৰ দিনতো যেন এৰি দিয়া নাই বিভাগটোক৷ বিভাগটোৰ একাংশ বিষয়া কর্মচাৰী আৰু ঠিকাদাৰৰ বাবে ধনশিৰি প্রকল্পৰ দৰেই বর্তমান সোণৰ কণী পৰা হঁাহ হৈ পৰিছে জলসিঞ্চন বিভাগৰ কেনেলসমূহ৷ এনে কেনেলবোৰৰ দ্বাৰা বছৰৰ পিছত বছৰ কৃষক ৰাইজ উপকৃত নহ’লেও কেনেল মেৰামতি আৰু নির্মাণৰ নামত বছৰি কোটিৰ ঘৰত টকা আৱণ্টিত হৈছে যদিও বাস্তৱত বিপৰীত ছবি স্পষ্ট৷ দৰঙৰ দলগাঁও সমষ্টিৰ অন্তর্গত লালপুল, পদোপৰি, মাজগাঁও আদি গাঁৱৰ মাজেদি যোৱা ধনশিৰি জলসিঞ্চন প্রকল্পৰ অধীনত নির্মিত কেনেলবোৰৰ বিভিন্ন স্থানত বহুবছৰৰ পৰা মেৰামতি নকৰাৰ ফলত বর্তমান কেনেলৰ দুয়োদিশৰ মথাউৰি ৰূপী বহু অংশ ভাঙি জহি খহি গৈছে ৷ প্রায় ৪০ বছৰ পূর্বে নির্মিত কেনেলৰ কোনো আউটলেট নথকাত খেতিপথাৰলৈ পানী যোৱাৰ নাই কোনো সুব্যৱস্থা৷

আনহাতে কেনেলবোৰৰ মথাউৰিৰ বিভিন্ন স্থানত ভাঙি যোৱাত খেতি পথাৰত পানী সোমাই কৃষকৰ খেতিপথাৰ নষ্ট হোৱা বুলিহে কৃষকে অভিযোগ কৰিছে৷ পিছে, কেনেলৰ বহল পূর্বতকৈ কমাই আৰু মথাউৰি বোৰত মাটি পেলাই ওখ কৰিবলৈ ‘ৰি–ছেপিঙ’ৰ নামত পূর্বৰ জলসিঞ্চন মন্ত্রীৰ কালত প্রায় ১ কোটি ৮৮ লাখ টকাৰ নিবিদা আহ্বান কৰা হৈছিল৷ বিগত দুই তিনি বছৰৰ পৰা কেনেলৰ কোনো কাম কৰা পৰিলক্ষিত হোৱা নাই৷ ৰাইজৰ অভিযোগ, ঠিকাদাৰে কিছুদিন পূর্বে মথাউৰি মেৰামতিৰ নামত পূর্বৰ দৰে বহল ৰাখি মাত্র কেনেলটোৰ মাজত জে চি বিৰে মাটি খান্দি মথাউৰিত সামান্য মাটি পেলাই কাম বন্ধ ৰাখে৷ এনেদৰে কেনেলৰ আৰম্ভণি আৰু শেষৰ ফালে কিছু কাম কৰি বন্ধ ৰখাত ঠিকাদাৰজনে কাম নকৰাকৈ কেনেল মেৰামতিৰ নামত দুখন আলোকচিত্রৰেই আৱণ্টিত ধন উঠাই নিয়াৰ পৰিকল্পনা কৰিছে৷

অভিযোগ অনুসৰি ঠিকাৰৰ দায়িত্ব প্রাপ্তই কিছু কাম কৰি ৩ বছৰ পূর্বে নির্মাণ হোৱা বুলি দেখুৱাই বিভাগীয় অভিযন্তাৰ সৈতে মিলি ১.৮৮ কোটি টকা আত্মসাতৰ পৰিকল্পনা কৰিছে৷ কেনেলটো ভালদৰে নির্মাণ নকৰাৰ বাবে এতিয়া দৰঙৰ পূব প্রান্তৰ বিশেষকৈ পদোপৰি, মাজগাঁও, নমাটি, জংগলপাৰা, বেছিমাৰী আদি কৃষিপ্রধান গাঁৱৰ কৃষকসকল বঞ্চিত হোৱাৰ উপক্রম হৈছে৷

You might also like