নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিনেমা হল উদ্যোগ বচাবলৈ মুখ্যমন্ত্রীক আহ্বান ছবিগৃহৰ মালিক সন্থাৰ

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ সময়ৰে পৰা অসমৰ চিনেমা হলসমূহ বন্ধ হৈ থকাত ইয়াৰ স্বত্বাধিকাৰীসকল ভীষণ আর্থিক লোকচানৰ সন্মুখীন হৈছে৷ তাতোকৈ ভয়াৱহ আর্থিক সংকটৰ বলি হ’ব লগা হৈছে ছবিগৃহসমূহৰ কর্মচাৰীসকল৷ এনে পৰিস্থিতিত আর্থিকভাৱে জুৰুলা হৈ পৰা ছবিগৃহৰ সহস্রাধিক কর্মচাৰীক কিছু সকাহ দিয়াৰ বাবে এককালীন অর্থসাহায্য দিয়াৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে সদৌ অসম ছবিগৃহৰ মালিক সন্থাই৷ আজি গুৱাহাটীত এখন সংবাদ মেলত সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ বৰাই কয়– ‘বর্তমান অসমীয়া ছবি উদ্যোগটোৰ অৱস্থা অত্যন্ত বেয়া৷ চিনেমা হলবোৰ এটা এটাকৈ বন্ধ কৰি দিব লগা হৈছে৷ গুৱাহাটীৰ তিনিটা ছবিগৃহ ইতিমধ্যে বন্ধ হৈ গৈছে৷

অনাগত দিনত আৰু কিমান ছবিগৃহ বন্ধ হয় তাৰ ঠিক নাই৷ ছবিগৃহসমূহ বন্ধ হৈ থকাত আমি মালিকসকলে ভীষণ লোকচান ভৰিব লগা হৈছে৷ তাতোকৈ আমাৰ ছবিগৃহৰ কর্মচাৰীসকলৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে৷ এই কর্মচাৰীসকলক কিছু সকাহ দিবলৈ চৰকাৰে শীঘ্রে এক আর্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ নহ’লে এই অসমীয়া কর্মচাৰীসকলৰ জীৱন অধিক দুর্বিষহ হৈ পৰিব৷ চৰকাৰে শীঘ্রে আর্থিক সাহায্য দিয়ক, যাতে আমি কর্মচাৰীসকলক সকাহ দিব পাৰোঁ৷ আমি যোৱা দহ মাহে কর্মচাৰীসকলক চলালোঁ৷ এতিয়া আমি নোৱাৰা হৈছোঁ৷ কাৰণ ছবিগৃহত চিনেমা নচলিলে আমি ক’ৰ পৰা দৰমহা দিম?’

সংবাদ মেলত ৰাজীৱ কুমাৰ বৰাই লগতে কয়– ‘আমাৰ দৃঢ় বিশ্বাস মুখ্যমন্ত্রীয়ে এইক্ষেত্রত কিবা এটা পদক্ষেপ ল’ব৷ কাৰণ ৰাজ্যৰ ১২টা ছবিগৃহৰ অৱস্থা অতি বেয়া৷ চৰকাৰে সাহায্য নিদিলে এই হলকেইটাও চিৰদিনৰ বাবে বন্ধ হৈ যাব৷ আমি এইক্ষেত্রত ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰো হস্তক্ষেপ কামনা কৰিছোঁ৷ আমি দুই এদিনৰ ভিতৰতে বিত্তমন্ত্রী ড০ শর্মাক সাক্ষাৎ কৰিম৷ আশা কৰিছোঁ এইক্ষেত্রত তেওঁ আমাক সহায় কৰিব৷’ সংবাদ মেলত সন্থাৰ সভাপতি চিন্ময় শর্মাই লকডাউনৰ সময়ছোৱাত বিদ্যুৎ বিভাগে ছবিগৃহৰ মালিকপক্ষক মাধমাৰ দিয়া বুলি অভিযোগ কৰে৷ সভাপতি শর্মাই কয়– যোৱা মার্চৰ পৰা ছবিগৃহসমূহ বন্ধ হৈ আছে৷ কিন্তু বন্ধ হৈ থকা সত্ত্বেও মালিকসকলে বিদ্যুৎ বিভাগক মাহে ৩০ৰ পৰা ৪০ হাজাৰ টকাপর্যন্ত ‘ফিক্সড চার্জ’ দি থাকিব লগা হৈছে৷ তাতোকৈ পৰিতাপৰ কথা এই যে ছবিগৃহসমূহত সংযোগ দিয়া বিদ্যুৎ ব্যৱহাৰ নকৰা বাবে বিদ্যুৎ বিভাগে অতিৰিক্তভাৱে জৰিমনা (পেনাল্টী) বিহিছে৷ আমি নিজে ছবিগৃহ বন্ধ কৰা নাই৷ চৰকাৰেহে বন্ধ কৰিছে৷ এনে পৰিস্থিতিত বিদ্যুৎ বিভাগে বিদ্যুৎ ব্যৱহাৰ নকৰাৰ বাবে জৰিমনা বিহাটো সম্পূর্ণ অন্যায় হৈছে৷

সংবাদ মেলত ৰাজীৱ কুমাৰ বৰাই কয়– ‘বিদ্যুৎ বিভাগে আচলতে ফিক্সড চার্জ ল’বই নোৱাৰে৷ কাৰণ ছবিগৃহ বন্ধ হৈ আছে৷ বিদ্যুৎ বিভাগে কি যুক্তিত ফিক্সড চার্জ ল’ব৷ বিদ্যুৎ ব্যৱহাৰ নকৰাক লৈ কি কাৰণে মালিকপক্ষক জৰিমনা ভৰাব? এইক্ষেত্রত এপিডিচিএলে একক আধিপত্য চলাইছে৷ ঝাৰখণ্ড, চেন্নাই, গোৱা আদিকে ধৰি ছখন ৰাজ্যত ইতিমধ্যে ছবিগৃহসমূহৰ ফিক্সড চার্জ লোৱা বন্ধ কৰিছে৷ লকডাউনৰ পৰিপ্রেক্ষিতত এই ছখন ৰাজ্যৰ চৰকাৰে যদি এনে পদক্ষেপ ল’ব পাৰে অসমে কিয় নোৱাৰে৷ গতিকে অসমতো ফিক্সড চার্জ লোৱাটো বন্ধ কৰিব লাগে৷ লগতে বিদ্যুৎ ব্যৱহাৰ নকৰাৰ বাবে মালিকসকলক জৰিমনা ভৰোৱাৰ পৰা বিৰত থাকিব লাগে৷ আমি এইক্ষেত্রত পদক্ষেপ গ্রহণ কৰিবলৈ চৰকাৰক দাবী জনালোঁ৷’

You might also like