নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা মেলব’নত বক্সিং ডে’ টেষ্ট

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ  প্রথম টেষ্টত অষ্ট্রেলিয়াৰ বেগী বলিং আক্রমণৰ সন্মুখত দিশহাৰা হোৱা টীম ইণ্ডিয়াই শক্তিশালী প্রত্যাৱর্তনৰ লক্ষ্যৰে আজি টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচত অৱতীর্ণ হৈছে৷ পৱিত্র বৰদিনৰ পিছদিনা আৰম্ভ হোৱাৰ বাবে বক্সিং ডে’ টেষ্ট হিচাপে পৰিচিত এই ঐতিহাসিক মেচখন আলহী দলটোৰ বাবে অগ্ণিপৰীক্ষাসদৃশ হৈ পৰিছে৷ কিয়নো, মেলব’ন ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’বলগীয়া মেচখনত টীম ইণ্ডিয়াই নিয়মীয়া অধিনায়ক বিৰাট কোহলি আৰু তাৰকা বেগী বলাৰ মহম্মদ ছামি অবিহনে খেলপথাৰত নামিব৷ একেদৰে দলটো শৃংখলাত ০–১ৰ ব্যৱধানত পিছপৰি আছে৷

নতুন অধিনায়ক আজিংক্য ৰাহানেৰ নেতৃত্বত নতুন উদ্যমেৰে খেলপথাৰত নামিবলৈ সাজু হোৱা দলটোৰ সন্মুখত প্রধান প্রত্যাহ্বান হ’ব অষ্ট্রেলিয়াৰ দুর্ধর্ষ বেগী বলিং আক্রমণক দক্ষতাৰে মোকাবিলা কৰা৷ ইয়াৰ বাবে টীম ইণ্ডিয়াৰ দলীয় মেনেজমেণ্টে ব্যাপক সালসলনিৰে মূল একাদশ গঠন কৰিছে৷ এই অনুসৰি দুর্বল ফর্মত ভুগি থকা পৃথ্বি শ্বক দলৰ পৰা বাদ দি উদীয়মান তাৰকা শুভমন গীলক টেষ্ট অভিষেক ঘটোৱাৰ সুযোগ দিছে৷ ২০১৮ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় ১৯ বছৰ অনূর্ধ্ব দলৰ প্রতিভাৱান বেটছমেনগৰাকীয়ে ঐতিহাসিক মেলব’ন ক্রিকেট গ্রাউণ্ডৰ পৰাই আন্তঃৰাষ্ট্রীয় কেৰিয়াৰৰ পাতনি মেলাৰ সুৱর্ণ সুযোগ লাভ কৰিছে৷ অষ্ট্রেলিয়াৰ শক্তিশালী বলিং আক্রমণৰ বিৰুদ্ধে তেওঁৰ প্রদর্শন লক্ষণীয় হ’ব৷

ইফালে, প্রথম টেষ্টত ব্যর্থ হোৱা অ’পেনাৰ মায়ংক আগৰৱালেও মেলব’নত দীঘলীয়া ইনিংছ খেলাৰ লক্ষ্য লৈছে৷ কোহলিৰ অনুপস্থিতিত দুই অভিজ্ঞ তাৰকা শ্বেটেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেই ভাৰতীয় দলৰ বেটিং বিভাগৰ দায়িত্ব গ্রহণ কৰিব লাগিব৷ লৱাৰ মিডল অর্ডাৰত হনুমা বিহাৰী, ঋষভ পণ্ট, ৰবীন্দ্র জাদেজা আৰু ৰবিচন্দ্রন অশ্বিনৰ পৰা আলহী দলটোৱে সুন্দৰ বেটিং প্রদর্শন আশা কৰিব৷

ইফালে, বলিঙত ছামিৰ অনুপস্থিতিত যশপ্রীত বুমৰাহ আৰু উমেশ যাদৱে দলৰ বেগী বলিং আক্রমণক নেতৃত্ব দিব৷ তেওঁলোকক সহযোগ কৰিব নৱাগত মহম্মদ চিৰাজে৷ অভিজ্ঞ স্পীনাৰ জাদেজাৰ আগমনে অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিনক সকাহ দিব৷ ইফালে, ছিডনী টেষ্টত টীম ইণ্ডিয়াক বিধ্বস্ত কৰি আত্মবিশ্বাসী হৈ থকা অষ্ট্রেলিয়াই শৃংখলাত অগ্রগতি অর্জনৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ দলটোৱে প্রথম টেষ্টৰ মূল একাদশৰ খেলুৱৈসকলৰ সৈতেই আজি অৱতীর্ণ হ’ব৷

খেলৰ সময়ঃ পুৱা ৫ বজা৷

You might also like