অষ্ট্রেলিয়াৰ মাইণ্ড গেমত আমি বিচলিত নহওঁ: অধিনায়ক ৰাহানে
নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ বহুপ্রত্যাশিত বক্সিং ডে’ টেষ্টৰ পূর্বে অষ্ট্রেলিয়াই ভাৰতৰ বিৰুদ্ধে মাইণ্ড গেম খেলি আছে যদিও ইয়াক লৈ উদ্বিগ্ণ নহয় টীম ইণ্ডিয়া৷ অষ্ট্রেলিয়াৰ মাইণ্ড গেমৰ ওপৰত অধিক গুৰুত্ব নিদি ভাৰতে মেলব’নত শক্তিশালী প্রত্যাৱর্তনৰ ওপৰত মনোনিৱেশ কৰিছে৷ এই মন্তব্য আগবঢ়াইছে টীম ইণ্ডিয়াৰ ভাৰপ্রাপ্ত অধিনায়ক আজিংক্য ৰাহানেই৷
আজিৰে পৰা আৰম্ভ হ’বলগীয়া দ্বিতীয় টেষ্টৰ পূর্বে কালি এক ভার্চুৱেল সংবাদ মেলত অভিজ্ঞ মিডল অর্ডাৰ বেটছমেনগৰাকীয়ে কয় যে অষ্ট্রেলিয়ানসকল মাইণ্ড গেম খেলাত অত্যন্ত পাকৈত৷ কিন্তু আমি তেওঁলোকৰ কথাত গুৰুত্ব নিদি নিজৰ প্রদর্শনৰ মান উন্নত কৰাত মনোনিৱেশ কৰিছো৷ প্রতিগৰাকী খেলুৱৈয়ে নিজৰ সক্ষমতা আৰু দক্ষতাৰ ওপৰত বিশ্বাসী৷
উল্লেখ্য যে অষ্ট্রেলিয়াৰ মুখ্য প্রশিক্ষক জাষ্টিন লেংগাৰে কালি এক সংবাদ মেলত টীম ইণ্ডিয়াক চাপত পেলাবলৈ কৈছিল যে অধিনায়ক কোহলি আৰু বেগী বলাৰ মহম্মদ ছামিৰ অনুপস্থিতিত ভাৰত বেকফুটত থাকিব আৰু অষ্ট্রেলিয়াই ইয়াৰ সুবিধা গ্রহণ কৰিবলৈ সাজু হৈছে৷