২,৩৬৬ কোটি টকা ব্যয়সাপেক্ষ ২৭টা প্রকল্পৰ আধাৰশিলা স্থাপন–মুকলি কৰিলে গাডকাৰিয়ে
নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থাৰ ইতিহাসত সংযোজিত হ’ল আন এক যুগান্তকাৰী অধ্যায়৷ কেন্দ্রীয় পথ পৰিবহণ–ৰাষ্ট্রীয় ঘাইপথ আৰু ক্ষুদ্র–লঘু–মজলীয়া উদ্যোগ দপ্তৰৰ মন্ত্রী নীতিন গাডকাৰিয়ে শুকুৰবাৰে আনুষ্ঠনিকভাৱে অসমৰ ৪৩৯ কিলোমিটাৰ দৈর্ঘ্য সামৰি ২,৩৬৬ কোটি টকা ব্যয়সাপেক্ষ মুঠ ২৭টা পথ প্রকল্পৰ আধাৰশিলা স্থাপন–ৰাষ্ট্রলৈ উৎসর্গা কৰে৷ প্রাক্তন প্রধানমন্ত্রী প্রয়াত ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিন সুশাসন দিৱসৰ লগত সংগতি ৰাখি শিলচৰৰ ৰংপুৰ হাইস্কুল খেলপথাৰত আয়োজিত বিশাল জনসভাত ২০টা পথ প্রকল্পৰ আধাৰশিলা স্থাপন আৰু ৭টা প্রকল্প ৰাষ্ট্রৰ প্রতি উৎসর্গাৰ আনুষ্ঠানিকতা সম্পন্ন কৰে কেন্দ্রীয় মন্ত্রী গাডকাৰিয়ে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত এই বিশাল জনসভাৰ পূর্বে কেন্দ্রীয় মন্ত্রী গাডকাৰিয়ে ৰংপুৰৰ ৰাষ্ট্রীয় ঘাইপথৰ জিৰ’ পইণ্টত প্রাক্তন প্রধানমন্ত্রী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ১৩ ফুট উচ্চতাৰ পূর্ণাৱয়ৱ ব্রঞ্জৰ মূর্তিও উন্মোচন কৰে৷ বিশাল জনসভা সম্বোধন কৰি দিয়া ভাষণত কেন্দ্রীয় মন্ত্রী গাডকাৰিয়ে প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীক দেশৰ সকলো শ্রেণীৰ জনসাধাৰণৰ প্রেৰণাৰ উৎস বুলি মন্তব্য কৰি কয় যে এইগৰাকী বিদুষী নেতাই নিজৰ বিচক্ষণতা, কর্মদক্ষতা, সততা আৰু ৰাষ্ট্রৰ প্রতি সমর্পিত মনোভাবেৰে সংসদীয় গণতান্ত্রিক ব্যৱস্থাক এক নতুন দিশৰ সূচনা কৰিছিল৷ জননেতাগৰাকীয়ে দেশৰ যোগাযোগ ব্যৱস্থা বিশেষকৈ পথ যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে কেতবোৰ গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছিল৷ তেওঁৰ স্বপ্ণ বাস্তৱায়িত কৰাৰ ক্ষেত্রত বর্তমানৰ কেন্দ্রীয় চৰকাৰখন সফল হ’ব পাৰিছে৷ প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীয়ে দেশৰ প্রতি আগবঢ়োৱা অৱদান সকলোৰে বাবে আদর্শস্বৰূপ৷ দেশৰ জনতাই তেওঁক কেতিয়াও পাহৰিব নোৱাৰে৷ তেওঁৰ শক্তিশালী বৰঙণিৰে বর্তমানৰ কেন্দ্রীয় চৰকাৰে দেশৰ বিশেষকৈ গ্রামাঞ্চলৰ যোগাযোগ ব্যৱস্থা সুচলতৰ কৰাৰ ক্ষেত্রত সফলতা অর্জন কৰিছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বৰাক নদীৰ ওপৰত আৰু দুখন দলং নির্মাণৰ বাবে জনোৱা আহ্বানৰ প্রতি সঁহাৰি জনাই কেন্দ্রীয় মন্ত্রী গাডকাৰিয়ে বৰাক নদীৰ ওপৰত আৰু দুখন দলং নির্মাণ কৰা হ’ব বুলি নিজ ভাষণত ঘোষণা কৰে৷ একেদৰে যোগীঘোপাত কিছুদিন পূর্বে নির্মাণকার্যৰ শুভাৰম্ভ কৰা মাল্টি মডেল লজিষ্টিক পার্কৰ দৰে বৰাক উপত্যকাতো মাল্টি মডেল লজিষ্টিক পার্ক নির্মাণ কৰিবলৈ মুখ্যমন্ত্রী সোণোৱালে জনোৱা আহ্বানৰ প্রতিও তেওঁ সঁহাৰি আগবঢ়ায়৷ কেন্দ্রীয় মন্ত্রী গাডকাৰিয়ে বৰাক উপত্যকাতো এখন মাল্টি মডেল লজিষ্টিক পার্ক নির্মাণৰ পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰি কয় যে বালিচেৰা–হাৰাংগাজা, হাৰাংগাজা–মাহুৰ ৰাষ্ট্রীয় ঘাইপথৰ নির্মাণকার্য অহা মার্চ মাহৰ পৰা আৰম্ভ হ’ব৷ তেওঁ অসমৰ ১৯টা প্রকল্প সামৰি আগন্তুক বর্ষত আৰম্ভ হ’বলগীয়া কিছুসংখ্যক পথ যোগাযোগ ব্যৱস্থাৰ কাম–কাজৰো আভাস দাঙি ধৰে৷ কেন্দ্রীয় মন্ত্রী গাডকাৰিয়ে কৰা ঘোষণা অনুসৰি ব্রহ্মপুত্রৰ ওপৰত ৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া ধুবুৰী–ফুলবাৰী দলঙৰ ভূমি পূজন অলপতে কৰা হ’ব৷
অহা জানুৱাৰী মাহত ভূমি পূজন সম্পন্ন হ’ব মাজুলী–যোৰহাট সংযোগী দলঙৰ৷ কেন্দ্রীয় মন্ত্রী গাডকাৰিয়ে নিজ ভাষণত পুনৰ কয় যে অসম ছুইজাৰলেণ্ডৰ দৰেই৷ অসমখনক আমি সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তুলিব লাগিব৷ মুখ্যমন্ত্রী সোণোৱালৰ নেতৃত্বত অসম শক্তিশালী হ’ব৷ এয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সপোন৷ প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ সপোনৰ ক্ষুধা, ভয়, নিৰক্ষৰতা, অভাৱমুক্ত ভাৰত গঢ়িবলৈ হ’লে অসমসহ উত্তৰ–পূর্বাঞ্চল সমৃদ্ধিশালী হ’ব লাগিব৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে পৱিত্র বৰদিন উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে ৰাষ্ট্র নেতাগৰাকীলৈ শ্রদ্ধা জ্ঞাপন কৰে৷ নিজ ভাষণত মুখ্যমন্ত্রী সোণোৱালে কয় যে শিলচৰৰ ৰাষ্ট্রীয় ঘাইপথত প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ প্রতিমূর্তি উন্মোচনে নৱপ্রজন্মক যুগে যুগে তেওঁ প্রদান কৰা সুশাসন ব্যৱস্থাৰ আদর্শৰে অনুপ্রাণিত হোৱাৰ বাবে উদ্বুদ্ধ কৰিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ট্রেন্সফর্মেচন থ্র’ ট্রেন্সপর্টেচন নীতিৰ জৰিয়তে দেশৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ হকে যি প্রয়াস চলাইছে, তাক বাস্তৱায়িত কৰাৰ ক্ষেত্রত কেন্দ্রীয় পথ পৰিবহণ–ঘাইপথ দপ্তৰৰ মন্ত্রী গাডকাৰিয়ে শক্তিশালী ভূমিকা গ্রহণ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লোৱা পদক্ষেপৰ কাৰণেই উত্তৰ–পূর্বাঞ্চলে বহুতো নতুন নতুন প্রকল্প তথা আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে৷ শিলচৰত মিনি ছেক্রেটেৰিয়েট ভৱন নির্মাণৰ কাম অতি কম দিনৰ ভিতৰতে আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্রী সোণোৱালে ঘোষণা কৰে৷ তেওঁ পুনৰ কয় যে বিগত চাৰে চাৰিবছৰীয়া কার্যকালত ৰাইজৰ আস্থা আৰু সহযোগেৰে অসমক সকলো দিশতে আগুৱাই নিয়াৰ ক্ষেত্রত বর্তমানৰ ৰাজ্য চৰকাৰখনে যথেষ্ট সফলতা অর্জন কৰিছে৷ এই সফলতাৰ মালিক অসমৰ জনসাধাৰণ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আত্মনির্ভৰ ভাৰত গঢ়াৰ বাবে গ্রহণ কৰা লক্ষ্য বাস্তৱায়িত কৰাৰ লগতে এখন আত্মনির্ভৰ অসম গঢ়াৰ ক্ষেত্রত নতুন প্রজন্মক কঠোৰ পৰিশ্রমত ব্রতী হ’বলৈ মুখ্যমন্ত্রী সোণোৱালে আহ্বান জনায়৷ শিলচৰ লোকসভা সমষ্টিৰ সাংসদ ডাঃ ৰাজদীপ ৰয়ে আদৰণী ভাষণ প্রদান কৰা আজিৰ অনুষ্ঠানত হাউছফেডৰ অধ্যক্ষ তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসেও বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, ৰাজ্য চৰকাৰৰ বনমন্ত্রী পৰিমল শুক্লবৈদ্য, অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ, সাংসদ কৃপানাথ মাল্লা, প্রাক্তন কেন্দ্রীয় মন্ত্রী কবিন্দ্র পুৰকায়স্থকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল৷ উল্লেখ্য যে আজি উন্মোচন কৰা প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ পূর্ণাৱয়ৱ ব্রঞ্জৰ প্রতিমূর্তিটো নির্মাণত ব্যয় কৰা হৈছে প্রায় ২৫ লাখ টকা৷ ১৩ ফুট উচ্চতাৰ এই প্রতিমূর্তিটো চাৰি মাহত শিল্পী চন্দ্রশেখৰ দাসে কলকাতাৰ ষ্টুডি’ত নির্মাণ কৰি উলিয়াইছিল৷ আজিৰ অনুষ্ঠানতে সু–শাসন দিৱস উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রধানমন্ত্রী কৃষক সন্মান নিধিৰ জৰিয়তে ৯ কোটি কৃষকসকলক উদ্দেশ্যি দিয়া ভাষণৰো পোনপটীয়া সম্প্রচাৰ প্রত্যক্ষ কৰে মুখ্যমন্ত্রী সোণোৱাল আৰু কেন্দ্রীয় মন্ত্রী গাডকাৰীয়ে৷
ইফালে আধাৰশিলা স্থাপন কৰা প্রকল্পসমূহৰ ভিতৰত দেৰগাঁও নগৰত ২৮৮ কোটি টকা ব্যয় সাপেক্ষে এন এইচ–৩৭ শাখাৰ ফ’ৰ লেনিং, ২৭৮ কোটি টকা ব্যয়সাপেক্ষ এন এইচ–২৯ৰ ডকমকা–লৰিং থেপী শাখাৰ ফ’ৰ লেনিং, ২২০ কোটি টকা ব্যয়সাপেক্ষ এন এইচ ১১৭ৰ হাপাচৰাৰ পৰা টুলুঙীয়া ৰোডলৈ ফ’ৰ লেনিং, ২০৯ কোটি টকা ব্যয়সাপেক্ষ এন এইচ–১৭ৰ পঞ্চৰত্ন–আগিয়া শাখাৰ ফ’ৰ লেনিং, ৩৫ কোটি টকা ব্যয়সাপেক্ষ এন এইচ–৩৭ত কৃষ্ণাই নদীত নতুন দলং নির্মাণ, ৪২ কোটি টকা ব্যয়সাপেক্ষ গুৱাহাটীত এন এইচ আই ডি চি এলৰ উত্তৰ–পূব আঞ্চলিক কার্যালয় নির্মাণ আৰু ৭৪ কোটি টকা ব্যয়সাপেক্ষ বগল্ছ পথৰ শক্তিশালীকৰণ অন্যতম৷ সেইদৰে ৰাষ্ট্রৰ প্রতি উৎসর্গা ৭টা প্রকল্প হ’ল ১৯২ কোটি টকা ব্যয়সাপেক্ষ এন এইচ–৪৪ৰ শ্রীগৌৰীৰ পৰা পয়ামাৰালৈ, বাটৈয়াৰ পৰা মইনালৈ আৰু চন্দখিৰাৰ পৰা চ’লগৈ শাখাৰ শক্তিশালীকৰণ ১৩৩ কোটি টকা ব্যয়সাপেক্ষ এন এইচ–১৭ৰ (মোহনবাৰী–চাবুৱা বাইপাছ) দ্বৈত লেন হাইৱে’ নির্মাণ ৬৪ কোটি টকা ব্যয়সাপেক্ষ এন এইচ–৫২ৰ মিছন চাৰিআলিৰ পৰা ডেকাৰগাঁও, মানশ্রীৰ পৰা ধলা বিল আৰু শ’লগুৰিৰ পৰা জামুগুৰিহাত শাখাত শক্তিশালীকৰণ ৫৫ কোটি টকা ব্যয়সাপেক্ষ এন এইচ–৫২ৰ পথালিপাহাৰৰ পৰা ১নং বাগালী হাৰমতী শাখাত শক্তিশালীকৰণ ৩৪ কোটি টকা ব্যয়সাপেক্ষ এন এইচ–৩৭ৰ মাকুমৰ পৰা ধলা শাখাত শক্তিশালীকৰণ ২৩ কোটি টকা ব্যয়সাপেক্ষ এন এইচ–৩৯ৰ পেভমেণ্টৰ শক্তিশালীকৰণ (খক্রাজানৰ পৰা দেওপানী শাখাত), ১.৫ এম পেভেট ছ’লজাৰৰ বহলীকৰণ (খটখটীৰ পৰা লাহৰীজান শাখা) আৰু ২০ কোটি টকা ব্যয়সাপেক্ষ।