নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতীয় স্বার্থত কাম কৰোঁতে হস্তক্ষেপ কৰিব নোৱাৰিব বিজেপিয়ে

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ বাক্সা জিলাৰ শিমলা গ্রাম্য ষ্টেডিয়ামত আজি বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডোক ককলাবাৰী পৰিষদীয় সমষ্টিৰ ইউ পি পি এল, আবছুকে ধৰি অঞ্চলটোৰ বিভিন্ন সামাজিক, শৈক্ষিক সংগঠনে বিপুল আদৰণি জনায়৷ হাজাৰ হাজাৰ লোকে প্রমোদ বডো জিন্দাবাদ, ইউ পি পি এল জিন্দাবাদ ধ্বনি দি খাম চিফুং বজাই নতুন মুখ্য কার্যবাহীজনক মঞ্চলৈ আদৰি নিয়ে আৰু ইয়াৰ পাছতে ককলাবাৰী ব্লক ইউ পি পি এল, ইউ পি পি এলৰ মহিলা গোট, যুৱ গোট, বিভিন্ন সামাজিক–শৈক্ষিক অনুষ্ঠান–প্রতিষ্ঠান, বিভিন্ন আত্মসহায়ক গোট আদিয়ে আৰনাই, মানপত্র, ফুলাম গামোচা আদিৰে আদৰণি জনায়৷ ইউ পি পি এলৰ কেন্দ্রীয় নির্বাচন পৰিচালনা সমিতিৰ সভাপতি নাথুৰাম বডো, কেন্দ্রীয় ইউ পি পি এলৰ উপ–সভাপতি ৰংজালু বসুমতাৰী, সম্পাদক মজিব আলী, মইনুল আলী, প্রাক্তন এম চি এল এ অনিপ বসুমতাৰী, ৰাজ্যিক, জিলা আৰু ব্লক ইউ পি পি এলৰ নেতা–কর্মী আৰু সমৱেত ৰাইজক সম্বোধন কৰি আগবঢ়োৱা ভাষণত বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৱে কয়– ‘বি পি এফে যোৱা ১৭ বছৰে চৰকাৰ চলালে৷ তেওঁলোকে কি কৰিলে, কি নকৰিলে সকলোৱে দেখিলে৷ তেওঁলোকৰ বিধায়ক, এম চি এল এসকলে অঞ্চলৰ উন্নতিৰ বাবে কি কৰিলে আমি সকলোৱে দেখিলোঁ৷ ইয়াৰ পাছতো নির্বাচনৰ পাছত এটা বডো চেণ্টিমেণ্ট সৃষ্টি কৰি আমাৰ মাজতে বিভেদ সৃষ্টি কৰাৰ চেষ্টা চলালে৷ ইয়াত দুই–এটা বডো জাতীয় সংগঠনেও সমর্থন কৰা কার্য বৰ দুখজনক৷’ তেওঁ বিগত ১৭ বছৰে বিভিন্ন জটিল সময়ত প্রত্যক্ষ কৰা বডো বুদ্ধিজীৱীসকলৰ দোধোৰ–মোধোৰ অৱস্থাক সমালোচনা কৰি প্রত্যক্ষভাৱে সঠিক দিশ নির্দেশ কৰিব লাগে বুলি কয়৷ সঠিক চিন্তাৰ অভাৱতে জাতিটোৱে যেনেদৰে উন্নতি কৰিব লাগিছিল, তেনেদৰে কৰা নাই বুলিও তেওঁ মত ব্যক্ত কৰে৷ ভালক ভাল আৰু বেয়াক বেয়া বুলি ক’ব পৰা সৎ সাহস থাকিব লাগিব বুলি কয় বড়োৱে৷ তেওঁ দুষ্কৃতিকাৰীক সকীয়াই দি কয় যে সমাজৰ অপকাৰ কৰা বেয়া কামবোৰ বাদ দি সঠিক পথত নাহিলে জে’ললৈ যাব লাগিব৷ ‘এই সময় জাতিৰ উন্নতি কৰাৰ সময়, এই সময় গৰিব লোকসকলক মৰম কৰাৰ সময়৷ সেয়ে সকলোৱে সুখ–শান্তিৰে জীৱন নির্বাহ কৰাৰ বাবে পৰিৱেশ সৃষ্টি হ’ব লাগিব৷’ –তেওঁ কয়৷ বিটিচিৰ বিগত চৰকাৰে ২,৩০০ কোটি ধাৰৰ বোজা এৰি থৈ গৈছে বুলি উল্লেখ কৰি মুখ্য কার্যবাহী বড়োৱে কয়– আমি ৰাইজৰ আশীর্বাদত তৎসত্ত্বেও ৰাইজৰ উন্নতি কৰিব পাৰিম৷ ‘আমি চৰকাৰ গঠন কৰিলোঁ যদিও অকলে নহয়, বিজেপি, জি এছ পিক লৈহে চৰকাৰ গঠন কৰিলোঁ৷ বিজেপিক স্পষ্টভাৱে কোৱা হৈছে যে জাতীয় স্বার্থত কাম কৰিবলৈ যাওঁতে বিজেপিয়ে কোনো কাৰণত হস্তক্ষেপ কৰিব নোৱাৰিব, মুক্তভাৱে জাতিৰ সেৱা কৰাৰ কর্তৃত্ব দিব লাগিব৷ সকলো ধর্মীয়–সামাজিক সংগঠনকে সহায় কৰাৰ প্রতিশ্রুতি দিছে৷ কিন্তু চৰকাৰৰ টকা লৈ কোনোৱে বিলাস ভ্রমণ কৰিব নোৱাৰিব, জাতিৰ উন্নতিৰ কাম কৰিব লাগিব৷ জাতিৰ উন্নতিৰ নামত টকা আনি নিজৰ কামত ব্যয় কৰা কোনো লোক দ্বিতীয়বাৰৰ বাবে মুখ্য কার্যবাহী সদস্যৰ কার্যালয়ত প্রৱেশ কৰিব নোৱাৰিব৷’ –এনেদৰে সকীয়াই দিয়ে বড়োৱে৷ মানাহ ৰাষ্ট্রীয় উদ্যানৰ সুৰক্ষা দি ইয়াক আন্তঃৰাষ্ট্রীয় পর্যায়লৈ উন্নীত কৰিব লাগিব বুলিও বড়োৱে উল্লেখ কৰে৷ তেওঁ কয় যে কোকৰাঝাৰলৈ ৪০টা বিভাগৰ কর্মচাৰীসকলক লৈ কামৰ খতিয়ান লোৱা হ’ব আৰু যিসকলে কাম কৰাত অযোগ্যতা প্রদর্শন কৰে, তেওঁলোকক বাহিৰ কৰা হ’ব বুলিও কয়৷ ২০ হাজাৰ আত্মসহায়ক গোটৰ বাবে পূর্ণাংগ প্রজেক্ট প্রস্তুত হোৱাৰ কথাও তেওঁ উল্লেখ কৰে৷ সভাখনৰ আঁত ধৰে ইউ পি পি এলৰ নেতা বিজু বৰকছাৰীয়ে৷

You might also like