নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ কোটি কৃষক পৰিয়ালক ১৮ হাজাৰ কোটি প্রদান

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শুকুৰবাৰে ৬খন ৰাজ্যৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি পি এম–কিষাণ আঁচনিৰ পৰৱর্তী কিস্তি হিচাপে ১৮ হাজাৰ কোটি টকা কৃষকসকলৰ বেংক একাউণ্টলৈ মুকলি কৰি দিছে৷ প্রধানমন্ত্রী কিষাণ সন্মান নধিৰ  এই ধন লাভ কৰিছে ৯ কোটিতকৈও অধিক কৃষকে৷ ৬ ৰাজ্যৰ কৃষকসকলৰ সৈতে ভার্চুৱেল মত বিনিময়ত প্রধানমন্ত্রী মোদীয়ে চৰকাৰে নতুনকৈ প্রণয়ন কৰা তিনিখন কৃষি আইনক লৈ কৃষকসকলে আশংকা কৰিবলগীয়া একো নাই বুলিও উল্লেখ কৰে৷ চৰকাৰ পৰিচালিত মান্দি ব্যৱস্থা পূর্বৰ দৰে অব্যাহত থকাৰ উপৰি কৃষকসকলৰ নূ্যনতম সমর্থন মূল্য (এম এছ পি) ঠিকেই চলি থাকিব বুলিও প্রতিশ্রুতি দিছে প্রধানমন্ত্রী মোদীয়ে৷ ইফালে কৃষি আইনৰ বিৰুদ্ধে প্রতিবাদী কৃষকসকলক সমর্থন জনাই বিৰোধী দলসমূহে এক ৰাজনৈতিক অভিসন্ধি ৰচিছে বুলিও প্রধানমন্ত্রীগৰাকীয়্ উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে নিৰীহ কৃষকসকলৰ সৈনিক পুত্রসকলক এই আন্দোলনৰ মাজলৈ টানি আনি বিৰোধীয়ে কৃষকৰ জৰিয়তে এক ৰাজনৈতিক আন্দোলন সৃষ্টি কৰিব বিচৰা বুলিও অভিযোগ কৰিছে মোদীয়ে৷ নতুন তিনিখন কৃষি আইনৰ জৰিয়তে কৃষকসকলে নিজৰ উৎপাদিত সামগ্রী বিক্রীৰ ক্ষেত্রত পূর্বতকৈ ভাল সুযোগ লাভ কৰিব বুলি ভার্চুৱেল এই মত বিনিময়ত প্রধানমন্ত্রীগৰাকীয়্ মন্তব্য কৰিছে৷

ইফালে পশ্চিমবংগৰ ৭০ লাখ কৃষকে মমতা চৰকাৰৰ আঁকোৰগোজ মনোভাবৰ বাবে প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি উল্লেখ কৰি তৃণমূল কংগ্রেছৰ নেত্রীগৰাকীক ক্ষুৰধাৰ সমালোচনা কৰিছে মোদীয়ে৷ মমতা বেনার্জী চৰকাৰে কেন্দ্রৰ এই আঁচনিত ৰাজনৈতিক এজেণ্ডাৰ বাবেই বাধা প্রদান কৰা বুলি উল্লেখ কৰি সমগ্র পশ্চিমবংগক তৃণমূল কংগ্রেছে ধ্বংসৰ মুখলৈ ঠেলি দিয়া বুলিও অভিযোগ কৰে মোদীয়ে৷ স্মর্তব্য যে পি এম–কিষাণ আঁচনিৰ অধীনত প্রতিগৰাকী কৃষকক মুঠ তিনিটা কিস্তিত ৬ হাজাৰকৈ টকা বেংকৰ একাউণ্টত জমা কৰি দিয়াৰ সিদ্ধান্ত লৈছিল যোৱা লোকসভা নির্বাচনৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে৷ মোদী চৰকাৰে নিজৰ প্রতিশ্রুতি ৰক্ষা কৰি কৃষকসকললৈ চাৰি মাহৰ মূৰে মূৰে পি এম–কিষাণ আঁচনিৰ ধন বেংক একাউণ্টত প্রদান কৰি আহিছে৷ শেহতীয়া কৃষি আইন প্রত্যাহাৰৰ দাবীত দেশৰ ৰাজধানী দিল্লীৰ সীমান্তত হাজাৰ হাজাৰ কৃষকে প্রতিবাদ সাব্যস্ত কৰি থকা বিষয়টোত মোদী চৰকাৰৰ মন্ত্রীসকলে এয়া বিৰোধীৰ ষড়যন্ত্র বুলি অভিহিত কৰি আহিছে৷ লক্ষণীয়ভাৱে কৃষকসকলৰ সৈতে আইনৰ সংস্কাৰ সন্দর্ভত আলোচনা কৰিবলৈ সাজু থকা বুলি আজি মোদীয়ে পুনৰ চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিছে৷ লক্ষণীয়ভাৱে কৃষকসকলৰ সৈতে মত বিনিময় কৰাৰ সময়তে আজি জন্মদিৱসত প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি মোদীয়ে কয় যে বাজপেয়ীৰ অনুপ্রেৰণাতেই আজি কৃষকসকলৰ কল্যাণৰ উদ্দেশ্যে নতুন কৃষি আইন প্রণয়ন কৰা হৈছে৷

You might also like