৩১ ডিচেম্বৰৰ ভিতৰত পৰিবহণ কৰ আদায়ৰ আহ্বান
নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ অসম চৰকাৰৰ পৰিবহণ বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ে ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ বহুখিনি উন্নতি সাধন হোৱাৰ পিছত যাৱতীয় কৰ–কাটলসমূহ আদায় কৰি ৰাজকোষ টনকিয়াল কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে৷ এই তৎপৰতাৰ অংশ হিচাপে কিছুদিন পূর্বে কামৰূপ মহানগৰ জিলাত জিলা পৰিবহণ বিষয়া হিচাপে (পঞ্জীয়ন আৰু অনুজ্ঞা, প্রৱর্তক) যোগদান কৰা গৌতম দাসে জিলাখনত পঞ্জীয়নভুক্ত যান–বাহনৰ গৰাকীসকলক অহা ৩১ ডিচেম্বৰৰ আগতে বার্ষিক কৰ আদায় দিবলৈ আহ্বান জনাইছে৷
ইতিমধ্যে ‘যান–বাহন কৰ পৰিশোধ কৰক, পৰিবহণ ব্যৱস্থা সুচল কৰক এই আহ্বান তথা বাণীৰে বেনাৰ, হর্ডিং আঁৰি বাহনৰ গৰাকীসকলৰ দৃষ্টি আকর্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ জিলা পৰিবহণ বিষয়া গৌতম দাসে বাহনৰ গৰাকীসকলক অহা ৩১ ডিচেম্বৰৰ ভিতৰত যাৱতীয় কৰ আদায় দিয়া আৰু বাহনৰ নথি–পত্রসমূহ আপডেট কৰিবলৈ আহ্বান জনাইছে৷ অন্যথা অতিৰিক্ত জৰিমনা বা বিহীত ব্যৱস্থা গ্রহণ কৰিব বুলি সদৰী কৰিছে৷ আনকি যিসকলে গাডীচালনাৰ অনুজ্ঞা–পত্র স্মার্ট কার্ড কৰা নাই, তেওঁলোকক ৩১ ডিচেম্বৰৰ ভিতৰত জিলা পৰিবহণ বিষয়াৰ কার্যালয়লৈ গৈ অনুজ্ঞা–পত্রসমূহ স্মার্ট কার্ডলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনাইছে৷