নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিলৈ অৰুণাচলৰ ৬ জেডি(ইউ) বিধায়ক

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ মিত্রদল বিজেপিয়ে অৰুণাচল প্রদেশত নীতিশ কুমাৰৰ জেডি(ইউ)ত মোক্ষম আঘাত হানিছে৷ আজি জেডি(ইউ)ৰ সাতগৰাকী বিধায়কৰ ৬গৰাকীয়ে যোগদান কৰিছে বিজেপিত৷ ৰাজ্যখনৰ বিধানসভাৰ পৰা প্রকাশ কৰা এক বিবৃতিত এই তথ্য সদৰী হোৱাৰ লগে লগে ক্ষুব্ধ হৈ পৰিছে জেডি(ইউ)ৰ শীর্ষ নেতৃত্ব৷ লক্ষণীয়ভাৱে পিপল্ছ পার্টী অৱ অৰুণাচল (পিপিএ)ৰ একমাত্র বিধায়ক কার্ডো নিগায়ৰেও আজি বিজেপিত যোগদান কৰিছে৷

লক্ষণীয়ভাৱে পঞ্চায়ত আৰু পৌৰ নির্বাচনৰ ফলাফল ঘোষণা হ’বলৈ এদিন থকা সময়তে গেৰুৱা দলটোত চামিল হৈছে জেডি(ইউ)ৰ ৬ আৰু পিপিএৰ এগৰাকী বিধায়কে৷ বিজেপিত যোগদান কৰা জেডি(ইউ)ৰ ৬ বিধায়ক হৈছে– ৰামগংগৰ তালেম তাব’হ, ছায়াং তাজোৰ হায়েং মাংফি, তালিৰ জিক্কে তাকো, কালাকটাঙৰ দর্জি ৱাংডি খৰমা, বমডিলাৰ ডংৰু ছিয়ংজু আৰু মাৰিয়াং–গেকু সমষ্টিৰ কানগং তাকু৷ স্মর্তব্য যে যোৱা ২৬ নৱেম্বৰত দলবিৰোধী কার্যকলাপৰ বাবে জেডি(ইউ)ৰ তৰফৰ পৰা কাৰণ দর্শোৱাৰ জাননী জাৰি কৰা হৈছিল ছিয়ংজু, খৰমা আৰু তাকুলৈ৷ পৰৱর্তী সময়ত তিনিওগৰাকীকে দলৰ পৰা নিলম্বন কৰা হয়৷

উল্লেখনীয় যে ৬গৰাকী বিধায়কে পূর্বে নতুন বিধায়িনী দলৰ নেতা হিচাপে তালেম তাব’হক নির্বাচিত কৰিছিল৷ জ্যেষ্ঠ দলীয় নেতাৰ অজ্ঞাতেই বিধায়ককেইগৰাকীয়ে এই সিদ্ধান্ত লোৱা বাবেই ক্ষুব্ধ হৈ পৰিছিল শীর্ষ নেতৃত্ব৷

You might also like