নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৯ নাৱিকসহ দুখন ভাৰতীয় জাহাজ চীনত আবদ্ধ

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ দুখনকৈ কাগ’ জাহাজসহ ৩৯গৰাকী ভাৰতীয় নাৱিক চীনৰ বন্দৰত আবদ্ধ হৈ আছে৷ এম ভি জগ আনন্দ আৰু এম ভি আনষ্ঠাছিয়া উত্তৰ চীনৰ হেবেই প্রদেশৰ ঝিংটাং আৰু কাউফিডিয়ানৰ বন্দৰত কেইবামাহ ধৰি আবদ্ধ হৈ থকা বুলি চীনৰ বিদেশ মন্ত্রণালয়ে সদৰী কৰিছে৷ লক্ষণীয়ভাৱে আজি দেশখনৰ বিদেশ মন্ত্রণালয়ে ক’ভিড–১৯ মহামাৰীৰ বাবে ভাৰতীয় জাহাজ দুখন বন্দৰত আবদ্ধ হৈ থকা বুলি উল্লেখ কৰিছে এক বিবৃতিত৷

ভাৰত আৰু চীনৰ মাজত পূব লাডাখত চলি থকা উত্তেজনাৰ বাবে বিভিন্ন মহলে চীনৰ বন্দৰত এই জাহাজ দুখন আবদ্ধ কৰি ৰখা বুলি সন্দেহ কৰিছিল৷ কিন্তু বিদেশ মন্ত্রণালয়ৰ বিবৃতিত স্পষ্ট কৰি দিয়া হৈছে যে ক’ভিড পৰিস্থিতিৰ বাবে কোৱাৰেণ্টাইন মানি বন্দৰতে আছে কার্গ’ জাহাজ দুখনসহ নাৱিকসকল৷ স্মর্তব্য যে অষ্ট্রেলিয়াৰ পৰা কয়লা কঢ়িয়াই আনিছিল দুয়োখন জাহাজে৷

You might also like