ক’ভিডৰ চিকিৎসা নোপোৱাৰ অভিযোগ কৰা চিকিৎসকৰ মৃত্যু
নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ কৃষ্ণাংগ তথা আফ্রিকান মূলৰ বাবে আমেৰিকাৰ হাস্পতালত প্রয়োজনীয় চিকিৎসা লাভ কৰিবলৈ সক্ষম নোহোৱা বুলি অভিযোগ কৰা ইণ্ডিয়ানাৰ মহিলা চিকিৎসক এগৰাকীৰ ক’ভিডত মৃত্যু হৈছে৷ উল্লেখনীয় যে ইণ্ডিয়ানা ইউনিভার্ছিটী হাস্পতালৰ বিছনাৰ পৰাই ছ’চিয়েল মিডিয়াযোগে এক ভিডিঅ’ মুকলি কৰি দিছিল ডাঃ ছুছান মূৰ নামৰ চিকিৎসকগৰাকীয়ে৷ মাত্র দুসপ্তাহ পূর্বে চিকিৎসক ছুছানৰ ভিডিঅ’ মুকলি হোৱাৰ লগে লগে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল আমেৰিকাত৷ স্মর্তব্য যে হাস্পতাল কর্তৃপক্ষই মূৰৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে৷ কিন্তু চিকিৎসকগৰাকীৰ অভিযোগ সন্দর্ভত তাৎক্ষণিকভাৱে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই হাস্পতালখনে৷ ৫২ বছৰীয়া ছুছানৰ আন এখন হাস্পতালত মৃত্যু হয়৷