পাক অধিকৃত কাশ্মীৰত নির্বাচন অনুষ্ঠিত কৰাৰ প্রস্তুতি ইমৰান চৰকাৰৰ
নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ গিলগিট–বাল্টিস্তানত্ নির্বাচনত ব্যাপক অনিয়ম তথা ৰিগিঙৰ জৰিয়তে ক্ষমতা দখল কৰাৰ পিছত এইবাৰ পাক চৰকাৰে অবৈধভাৱে দখল কৰি থোৱা জম্মু–কাশ্মীৰ (পাক অধিকৃত কাশ্মীৰ)ত নির্বাচন অনুষ্ঠিত কৰাৰ প্রস্তুতি চলাইছে৷ পাক সেনা আৰু ইমৰান খান চৰকাৰে গিলগিট–বাল্টিস্তানক্ প্রদেশৰ মর্যাদা দিবলৈ ইতিমধ্যে তৎপৰতা চলাইছে৷ সমগ্র বিশ্বই পাকিস্তানৰ এনে কার্যত প্রতিক্রিয়া প্রকাশ কৰিছে যদিও অঞ্চলটোত নিজৰ নিয়ন্ত্রণ অধিক কঠোৰ কৰাৰ বাবে ষড়যন্ত্র চলাইছে পাক চৰকাৰ তথা সেনাই৷ শেহতীয়াকৈ দেশখনৰ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি আগন্তুক বর্ষটোৰ আৰম্ভণিতে পাক অধিকৃত কাশ্মীৰত অনুষ্ঠিত হ’ব পাৰে নির্বাচন৷ মানৱাধিকাৰ তথা ৰাজনৈতিক কর্মীসকলে পাকিস্তানৰ পৰা পি অ’ কেৰ স্বাধীনতা দাবী কৰি থকাৰ সময়তে অলপতে ইছলামাবাদ প্রশাসনে দ্য আজাদ জম্মু–কাশ্মীৰ ইলেকচন এক্ট–২০২০ গৃহীত কৰিছে৷ এই আইন অনুসৰি পি অ’ কেৰ পৰা অধিকাৰ কর্মীসকলক উৎখাত কৰাৰ অভিসন্ধি ৰচা হৈছে৷
নির্বাচনত পি অ’ কেত সেইসকল লোকেহে প্রতিদ্বন্দ্বিতা কৰিব পাৰিব, যিসকলৰ ইছলামাবাদ প্রশাসনৰ প্রতি থাকিব আনুগত্য৷ পি অ’ কেৰ পৰা জম্মু–কাশ্মীৰৰ স্বাধীনতা দাবী কৰা লোকসকলক এই আইনৰ জৰিয়তে নির্বাচনত অংশগ্রহণৰ ক্ষেত্রত বাধা প্রদান কৰা হ’ব৷ নতুন আইন অনুসৰি এই কথা স্পষ্টভাৱে ঘোষণা কৰা হৈছে যে পাকিস্তানৰ ইছলামিক আদর্শ তথা সার্বভৌমত্বৰ বিৰোধ কৰা লোকসকলক পি অ’ কেত ৰাজনৈতিক সুযোগ গ্রহণৰ পৰা বিৰত ৰখা হ’ব৷ এই ঘটনাক কেন্দ্র কৰি ইতিমধ্যে পি অ’ কেত সৃষ্টি হৈছে তীব্র প্রতিবাদ৷ আনকি ভাৰতকে ধৰি কেইবাখনো দেশে ইমৰান খান চৰকাৰৰ শেহতীয়া আইন প্রণয়নৰ ঘটনাক কঠোৰ সমালোচনা কৰিছে৷