নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ত পুটিনক হত্যাৰ চেষ্টা চলিবঃ বুলগেৰিয়াৰ অন্ধ ভৱিষ্যৎদ্রষ্টা বাবা ভাংগাৰ দাবী

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ ২০২০ বর্ষটো অন্ত পৰিবলৈ মাজত মাত্র কেইটামান দিন বাকী থকা অৱস্থাতে বুলগেৰিয়াৰ বিখ্যাত অন্ধ ৰহস্যময়ী তথা ভৱিষ্যৎদ্রষ্টা নাৰী বাবা ভাংগাই উল্লেখ কৰিছে যে আগন্তুক ২০২১ চনটোত পৃথিৱীবাসী ভয়াৱহ সংঘাত আৰু বৃহৎ প্রাকৃতিক বিপর্যয়ৰ সন্মুখীন হ’ব৷ লক্ষণীয়ভাৱে চলিত বর্ষটো সংঘাত আৰু বিপর্যয়ৰ বর্ষ হিচাপে চিহ্ণিত হৈছে৷ নৱবর্ষৰ আগমনৰ পূর্বেই প্রতিজন লোকে আশা কৰিছে বর্ষটো সুখৰ আৰু সমৃদ্ধিশালী হওক৷ কিন্তু বাবা ভাংগাৰ মতে মানুহৰ চেতনাৰ পৰিৱর্তন ঘটিব৷ অতি জটিল সময়ৰ সন্মুখীন হ’ব মানৱ জাতি৷ নিজৰ আধ্যাত্মিক বিশ্বাসক লৈ মানুহৰ মাজত আৰম্ভ হ’ব বিভাজন৷ ভাংগাৰ মতে এটা ড্রেগনে পৃথিৱী দখল কৰিব বর্ষটোত৷ বর্ষটোত কেঞ্চাৰৰ প্রতিষেধক দৰব উদ্ভাৱন হ’ব বুলিও উল্লেখ কৰিছে ভাংগাই৷

ইফালে, আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে হোৱাইট হাউছৰ পৰা বিদায় লোৱাৰ পিছত ৰহস্যজনক ৰোগত আক্রান্ত হ’ব বুলিও বাবা ভাংগাই দাবী কৰিছে৷ ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনক হত্যাৰ চেষ্টাও চলিব বর্ষটোত৷ ইফালে, ইউৰোপৰ অর্থনীতিৰ বিপর্যয় ঘটিব বুলি দাবী কৰিছে বাবা ভাংগাই৷ ইফালে, আগন্তুক দুশ বছৰৰ ভিতৰত এলিয়েনৰ সৈতে মানুহৰ যোগাযোগ স্থাপন হ’ব বুলি অন্ধ ভৱিষ্যৎদ্রষ্টা মহিলাগৰাকীয়ে উল্লেখ কৰিছে৷

You might also like