ৰাজগড়ত অসম দর্শন আঁচনিৰ অনুদান–পত্র বিতৰণ মন্ত্রী সিদ্ধার্থৰ
নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ ৰাজগড বিহুতলীত আজি অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত অসম দর্শন আঁচনিৰ অধীনত ৯০টা মন্দিৰৰ আর্থিক অনুদান পত্র বিতৰণ কৰা হয়৷ পূব গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়নমন্ত্রী সিদ্ধার্থ ভট্টাচার্যই দুই লাখ পঞ্চাশ হাজাৰ টকাকৈ প্রতিটো মন্দিৰ সমিতিলৈ আর্থিক অনুদান পত্র বিতৰণ কৰে৷ অনুষ্ঠানত মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই কয় যে অসমৰ ১২৬টা সমষ্টিৰ ভিতৰত পূব গুৱাহাটী সমষ্টিয়ে সর্বাধিক নামঘৰৰ অনুদান লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বাবেই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰে মন্ত্রী ভট্টাচার্যই৷ তেওঁ লগতে পূব গুৱাহাটী সমষ্টিত ১৭ হাজাৰ দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছে বুলি উল্লেখ কৰে৷
ইপিনে বিশিষ্ট ব্যক্তি হিচাপে সভাত উপস্থিত থাকি জিলা উন্নয়ন আয়ুক্ত অতুল চন্দ্র শর্মাই ভাষণ প্রদান কৰি কয় যে চৰকাৰী নীতি–নিয়মৰ মাজেৰে নামঘৰসমূহে এই ধন লাভ কৰিব৷ এইক্ষেত্রত জিলা উন্নয়ন বিভাগৰ তৰফৰ যাৱতীয় কাম–কাজৰ বাবে সহায়–সহযোগিতা আগবঢ়াব বুলি শর্মাই উল্লেখ কৰে৷ উল্লেখ্য যে বিশিষ্ট ব্যক্তি হিচাপে মহানগৰ জিলা গৱেষণা সহায়িকা প্রিয়ংকা তালুকদাৰ, ৰাজগড বিহুতলীৰ সভাপতি বীৰেন বর্মন, বিজেপি মধ্য গুৱাহাটী মণ্ডলৰ সভাপতি অসীম হাজৰিকা, পূব গুৱাহাটী মণ্ডল সভাপতি সঞ্জীব গোস্বামী উপস্থিতি থাকে৷