নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ দেশৰ ৰাজধানী দিল্লীত চালকবিহীন দেশৰ প্রথম মেট্র’ ৰে’ল মুকলি কৰাৰ লগতে নেচনেল কমন ম’বিলিটী কার্ড উদ্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ দিল্লী মেট্র’ৰ মেজেণ্টা লাইনত চালকবিহীন মেট্র’ ৰে’ল আৰু এয়াৰপ’ট এক্সপ্রেছ লাইনত নেচনেল কমন ম’বিলিটী কার্ড মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ‘স্মার্ট ছিষ্টেমৰ যোগেদি কিদৰে ভাৰত দ্রুতগতিত আগবাঢ়ি আছে, সেয়া প্রথম চালকবিহীন মেট্র’ ৰে’ল মুকলি কৰাটোৱে প্রতিফলিত কৰিছে৷ আজি দিল্লী মেট্র’ নেচনেল কমন ম’বিলিটী কার্ডৰ দ্বাৰা সংযোগ কৰা হ’ল৷ কিছু দশক পূর্বে নগৰীকৰণ আৰু নগৰীকৰণৰ ভৱিষ্যৎ উভয়ৰে প্রভাৱ স্পষ্ট আছিল৷ কিন্তু দেশে এক পৃথক দৃষ্টিভংগী দেখিছিল৷ সেই ক্ষেত্রত ভৱিষ্যতৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি বিশেষ মনোযোগ দিয়া হোৱা নাছিল৷ কামবোৰ অর্ধহূদয়েৰে, দ্বিধাৰে কৰা হৈছিল৷’ সম্প্রতি পৰিস্থিতি সলনি হৈছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে পুনৰ কয় যে এইবোৰৰ দৰে আধুনিক চিন্তাৰে এই কথা প্রতিফলিত কৰে যে নগৰীকৰণক প্রত্যাহ্বান হিচাপে প্রত্যক্ষ কৰা নাযায়৷ ইয়াক এক সুযোগ হিচাপে গ্রহণ কৰিব লাগে৷ এই সুযোগেই দেশৰ আন্তঃগাঁথনি অধিক উন্নত কৰিব পাৰে৷ এই সুযোগে ইজ অৱ লিভিং বৃদ্ধি কৰিব পাৰে৷ নগৰীকৰণৰ প্রতিটো দিশতে এই চিন্তাৰ বিবিধতা দেখিবলৈ পোৱা গৈছে৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ২০১৪ চনত কেৱল ৫খন চহৰত মেট্র’ ৰে’লসেৱা আছিল৷ এতিয়া ১৮খন চহৰত মেট্র’ ৰে’লসেৱা আছে৷ আনপিনে ২০২৫ৰ ভিতৰত দেশৰ ২৫খন চহৰত মেট্র’ ৰে’লসেৱাৰ সম্প্রসাৰণ কৰা হ’ব বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে ২০১৪ চনত দেশত মাত্র ২৪৮ কিলোমিটাৰ মেট্র’ লাইন আছিল৷ এতিয়া ইয়াৰ তিনি গুণ বৃদ্ধি হৈ ৭০০ কিলোমিটাৰতকৈ অধিক হৈছে৷ ২০২৫ চনলৈকে ইয়াৰ পৰিসৰ ১,৭০০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হ’ব৷ এয়া মাথোঁ এক পৰিসংখ্যা নহয় বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে কোটি কোটি ভাৰতীয়ৰ জীৱন যাপন উন্নীত হৈছে৷ আন্তঃগাঁথনি কেৱল শিল আৰু ইটা, কংক্রিট আৰু লো নহয়৷ ই হৈছে দেশৰ নাগৰিকৰ, মধ্যবিত্তৰ আকাংক্ষা পূৰণ৷ তেওঁৰ চৰকাৰে মেট্র’ নীতি গ্রহণ কৰি সকলো পর্যায়ত এই কৌশল ৰূপায়ণ কৰিছে৷ স্থানীয় দাবীৰ প্রতি লক্ষ্য ৰাখি স্থানীয় মানক আগবঢ়াই নিয়াটোত প্রাধান্য দিছে৷ মেক ইন ইণ্ডিয়া সম্প্রসাৰণ কৰা হৈছে আধুনিক প্রযুক্তি ব্যৱহাৰৰ জৰিয়তে৷ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল উপস্থিত থকা কার্যসূচীত প্রধানমন্ত্রীগৰাকীয়্ নেচনেল কমন ম’বিলিটী কার্ডৰ প্রাসংগিকতাকো উল্লেখ কৰে৷ এই কার্ডৰ জৰিয়তে কোনো এজন নাগৰিকে ৰাজহুৱা পৰিবহণত যাত্রাৰ সময়ত সুবিধা গ্রহণ কৰিব পাৰিব৷