নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ অস্কাৰ বিজয়ী সংগীত কিংবদন্তি এ আৰ ৰহমানৰ মাতৃ কৰিমা বেগমৰ আজি চেন্নাইত পৰলোকপ্রাপ্তি ঘটিছে৷ সংগীত কিংবদন্তি ৰহমানে তেওঁৰ মাতৃৰ সৈতে এক আলোকচিত্র ছ’চিয়েল মিডিয়াত প্রচাৰ কৰি এই মৃত্যুৰ বতৰা আনুষ্ঠানিকভাৱে প্রকাশ কৰিছে৷ বার্ধক্যজনিত কাৰণত ৰহমানৰ মাতৃৰ বিয়োগ ঘটিছে৷ মালয়ালম চলচ্চিত্র জগতৰ প্রসিদ্ধ সংগীত পৰিচালক ৰাজা গোপালা কুলশেখৰনৰ সৈতে কৰিমা বেগমে বিবাহপাশত আবদ্ধ হৈছিল৷ দিলীপ কুমাৰ হিচাপে জন্মলাভ কৰা এ আৰ ৰহমানে মাতৃৰ বাবেই তেওঁৰ জীৱনত অনেক কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে বুলি অকপটে স্বীকাৰ কৰি আহিছে৷ উল্লেখ্য যে কস্তুৰী শেখৰ হিচাপে জন্মলাভ কৰিছিল ৰহমানৰ মাতৃ কৰিমা বেগমে৷