নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ নিমাতী-ককিলামুখত গঢ়ি উঠা অত্যাধুনিক ৰিজৰ্টসমূহক লৈ আৰণ্যকৰ উদ্বেগ প্ৰকাশ

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ উত্তৰ- পূব ভাৰতৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে বৈজ্ঞানিক ভাবে কাম কৰি অহা বেচৰকাৰী সংগঠন আৰণ্যকে বিভিন্ন বিপদাপন্ন পক্ষীৰ প্ৰজাতিয়ে বাস কৰা নিমাতী-ককিলামুখ অঞ্চলত কিছুমান অত্যাধুনিক ৰিজৰ্টৰ প্ৰতিষ্ঠা আৰু নিৰ্মাণ কাৰ্য্যক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

লক্ষণীয় যে এই ৰিজৰ্ট সমূহ যি আদ্ৰভূমি আৰু ঘাঁহনিত নিৰ্মাণ কৰা হৈছে সেই অঞ্চল সমূহ প্ৰায় ২০০ ৰো অধিক বিপদাপন্ন পক্ষী যেনে, Swamp Francolin, Common Pochard, Marsh Babbler, Yellow-breasted Bunting ইত্যাদিৰ বাসস্থান। আনহাতে কিছু সংখ্যক বিপদাপন্ন পক্ষীয়ে এই অঞ্চল সমুহ প্ৰজনন স্থলী হিচাপেও ব্যৱহাৰ কৰে। এই নিমাতী – ককিলামুখ অঞ্চল টো জাঞ্জিমুখ – ককিলামুখ Important Bird Area (IBA) ৰ অন্তৰ্গত , যি ২৬ বিধ বিপদাপন্ন পক্ষীৰ বাসস্থানৰ অংশ হিচাপে Birdlife International আৰু Bombay Natural History Society (BNHS) ৰ দ্বাৰা চিক্ৰিতি প্ৰাপ্ত।

এইটো অতি লক্ষণীয় বিষয় যে এই ৰিজৰ্ট সমূহক এনে বিপদাপন্ন পক্ষীৰ বাসস্থানত বিকশিত কৰাৰ অনুমতি প্ৰদানকৰাৰ লগতে এই সমূহ দিনে – নিশাই খোলা ৰাখিবলৈ, উচ্চস্বৰত সংগীত পৰিবেশন আৰু অতিমাত্ৰা জনসমাগমৰ অনুমতি প্ৰদান কৰা হৈছে।

এই সম্পৰ্কত আৰণ্যকৰ বন্যজীৱ বিজ্ঞানি উদয়ন বৰঠাকুৰে যোৰহাট জিলাৰ উপায়ুক্তক এখন পত্ৰ প্ৰেৰণ কৰে। য’ত তেওঁক এই গুৰুত্বপূৰ্ণ বিষইটোৰ সম্পৰ্কত পৰ্যালোচনা কৰাৰ লগতে বিপদাপন্ন পক্ষী সমূহৰ বাসস্থান সমূহ যাতে আৰু অধিক ক্ষতিগ্ৰস্ত হ’ব নোৱাৰে তাৰবাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

You might also like