কৃষকৰ সমৰ্থনত অনশনত বহিব আন্না হাজাৰে, চিঠীযোগে সদৰী
নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ সমাজকৰ্মী আন্না হাজাৰেই কৃষকৰ সমৰ্থনত কৰিব প্ৰতিবাদ। নৱবৰ্ষৰ জানুৱাৰীত বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে আন্দোলন কৰাৰ বিষয়ে কালি সদৰী কৰিছে। কালি মহাৰাষ্ট্ৰৰ ৰালেগান সিদ্ধি গাঁৱৰ পৰা লিখা এক চিঠীযোগে উল্লেখ কৰে যে জানুৱাৰী মাহত দিল্লীত কৃষকৰ সমৰ্থনত তেওঁ অনশন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যোৱা ১৫ ডিচেম্বৰতো হাজাৰেই কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰক চিঠীযোগে স্বামীনাথন আয়োগৰ পৰামৰ্শ ৰূপায়ণ নকৰিলে আমাৰণ অনশনত বহাৰ সকীয়নি দিছিল। আন্না হাজাৰেৰ মতে স্বামীনাথন আয়োগৰ পৰামৰ্শ ৰূপায়ণ কৰা হ’লে কৃষকৰ আত্মহত্যা ৰোধৰ লগতে কৃষকৰ সমস্যা কিছু দূৰ হ’লহেঁতেন। ৮৩ বছৰীয়া সমাজকৰ্মী হাজাৰেই অনশনৰ তাৰিখ উল্লেখ কৰা নাই যদিও জানুৱাৰীতে প্ৰতিবাদ কৰা হ’ব বুলি চিঠীযোগে উল্লেখ কৰিছে।