অনাশিক্ষক–কর্মচাৰী সম্পূর্ণ দৰমহা প্রদানৰ ব্যৱস্থা গ্রহণৰ দাবী
নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ প্রাদেশিকীকৰণযোগ্য অনাশিক্ষক– কর্মচাৰীসকলৰ পদসমূহ ফিক্সড পে’ৰ পৰিৱর্তে সম্পূর্ণ দৰমহা প্রদান কৰাৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰিছে সদৌ অসম প্রাদেশিকীকৰণযোগ্য অনাশিক্ষক–কর্মচাৰী সন্থাই৷ এক বিবৃতিত সন্থাৰ সাধাৰণ সম্পাদক যুগল কুমাৰ শর্মাই কয় যে অনাশিক্ষক–কর্মচাৰী পদ প্রাদেশিকীকৰণৰ ব্যৱস্থা গ্রহণ নকৰাত অনাশিক্ষক–কর্মচাৰী ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰিছে৷ কালি বিধানসভা অধিৱেশনত এই সন্দর্ভত সংশ্লিষ্ট আইনৰ সংশোধনী প্রস্তাৱ উত্থাপন কৰা হৈছে যদিও ছিনিয়ৰ কলেজৰ লাইব্রেৰিয়ান পদটো অনাশিক্ষক পদ হিচাপে প্রাদেশিকীকৰণৰ কথা উল্লেখ কৰা হৈছে৷
কিন্তু তেওঁলোকৰ দৰমহাৰ গাঁথনিৰ কথা উল্লেখ কৰা হোৱা নাই৷ এই পদটো ইউজিচি অর্হতা সম্পর্কীয় নিয়ম অনুসৰি পূর্ণ পর্যায়ৰ চৰকাৰী কর্মচাৰী কৰিব৷ ইয়াৰ বিপৰীতে মাধ্যমিক, উচ্চতৰ, উচ্চ আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ অনাশিক্ষক– কর্মচাৰীসকলক ফিক্সড পে’ৰ দিয়াৰ পদক্ষেপ গ্রহণ কৰিব বুলি জানিব পৰা গৈছে৷ সেয়েহে এওঁলোককো ফিক্সড পে’ৰ পৰিৱর্তে সম্পূর্ণ দৰমহা আদায় দিয়াৰ দাবী উত্থাপন কৰিছে সন্থাই৷