কৃষক-চৰকাৰৰ আলোচনাৰ অন্তঃ নোলাল বিশেষ ফলাফল, পুনৰ বহিব ৪ জানুৱাৰীত
নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ কৃষি আইনক লৈ চৰকাৰ আৰু কৃষক নেতাৰ মাজত চলা সপ্তম বৈঠকৰ অন্ত পৰে নিশা ৭.২৫ বজাত। আলোচনাত বিশেষ ফলাফল দেখা পোৱা নগ’ল যদিও কৃষকৰ ৪ প্ৰস্তাৱৰ ভিতৰত দুটাৰ ক্ষেত্ৰত সহমত পোষণ কৰিছে চৰকাৰে।
ন্যূনতম সমৰ্থন মূল্য আৰু আইন বাতিলৰ বিষয়টোক লৈ পুনৰ ৪ জানুৱাৰীত আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে। আলোচনাৰ অন্তত কৃষক নেতাই আন্দোলন চলি থাকিব বুলি জনাইছে। এতিয়া অপেক্ষা ৪ জানুৱাৰীলৈ।
উল্লেখ্য কৃষি আইন বাতিলক লৈ আজি ৩৫ দিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকে। চৰকাৰৰ সৈতে আজিৰ মেলকে ধৰি ৭খন মেলত বহিছে দুয়োটা পক্ষ।