নৱবর্ষৰ উৎসৱত চলিব কঠোৰ নিৰীক্ষণঃ ৰাজ্যলৈ নির্দেশ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ
নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ ব্রিটেইনৰ পৰা মূল ক’ৰোনাতকৈ ৭০ গুণ অধিক দ্রুততাৰে সংক্রমণ ঘটাব পৰা নতুন ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগী ভাৰতত আহি উপস্থিত হোৱা বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয় নিশ্চিত হোৱাৰ পিছতে নৱবর্ষৰ উৎসৱত এই ভাইৰাছে সংক্রমণৰ সংহাৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে৷
এই আশংকাৰ বাবেই সকলো ৰাজ্যকে কেন্দ্রীয় চৰকাৰে নৱবর্ষৰ অনুষ্ঠানৰ ওপৰত কঠোৰ নিৰীক্ষণ ৰাখিবলৈ নির্দেশ দিছে৷ ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলসমূহত নৱবর্ষৰ উৎসৱত যাতে অধিকসংখ্যক লোকৰ সমাগম নহয়, সেই বিষয়টোত গুৰুত্ব প্রদান কৰিবলৈ স্বাস্থ্য মন্ত্রালয়ে নির্দেশ দিছে৷
অতি সংক্রামক নতুন ক’ৰোনাৰ পৰা পৰিত্রাণ পাবলৈ হ’লে নৱবর্ষৰ অনুষ্ঠানবোৰ বাতিল কৰিব লাগিব বুলিও নির্দেশনা জাৰি কৰা হৈছে কেন্দ্রৰ পৰা৷ কেন্দ্রীয় স্বাস্থ্য সচিবে ইতিমধ্যে ক’ভিড–১৯ৰ প্রট’কল কঠোৰভাৱে প্রয়োগ কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ পত্র প্রেৰণ কৰিছে৷
অৱশ্যে আন্তঃৰাজ্যিক যাতায়াতৰ ক্ষেত্রত কোনোধৰণৰ নিষেধাজ্ঞা প্রয়োগ নকৰিবলৈ আহ্বান জনাইছে স্বাস্থ্য মন্ত্রালয়ে৷ উল্লেখনীয় যে স্বাস্থ্য সেৱাৰ সচিবপ্রধান আৰু নেচনেল টাস্ক ফ’চৰ সচিবপ্রধান তথা আই চি এম আৰ–নীতি আয়োগৰ সদস্যৰ নেতৃত্বাধীন যৌথ নিৰীক্ষণ গোট (জেএমজি)ৰ তৰফৰ পৰা নতুন ক’ৰোনাৰ সংক্রমণ সন্দর্ভত দিয়া তথ্যৰ পিছতে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এই সিদ্ধান্ত গ্রহণ কৰিছে৷
ইফালে, অসামৰিক উৰণ মন্ত্রালয়ক ব্রিটেইনৰ সৈতে চলাচল কৰা বিমানৰ ক্ষেত্রত নিষেধাজ্ঞা ৭ জানুৱাৰীলৈ বৃদ্ধি কৰাৰ নির্দেশো দিছে স্বাস্থ্য মন্ত্রালয়ে৷