নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানে ধোৱা বঙালীকুছিত হালধীয়া ৰং সিঁচিলে জনজাতীয় মহিলাই

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ ৰঙিয়াৰ বানবিধ্বস্ত বঙালীকুছিত হালধীয়া বিপ্লৱৰ সূচনা কৰিছে এদল মহিলাই৷ ছমাহ পূর্বে হোৱা প্রলয়ংকৰী বানত ক্ষতিগ্রস্ত জনজাতীয় পৰিয়ালৰ একাংশ পৰিশ্রমী মহিলাই আৰম্ভ কৰিছে সৰিয়হৰ খেতি৷ বানত অঞ্চলটোৰ খেতি–বাতি সম্পূর্ণৰূপে নষ্ট হোৱাৰ পিছত আর্থিকভাৱে জুৰুলা হৈ পৰা পৰিয়ালক সকাহ দিয়াৰ উদ্দেশ্যে এইসকল মহিলাই কনকলতা আঁচনিৰ ৰেহাইযুক্ত ঋণৰ ধন লাভ কৰি সৰিয়হ খেতি আৰম্ভ কৰে৷

ৰাষ্ট্রীয় গ্রামীণ জীৱিকা অভিযানৰ অধীনত লাভ কৰা উক্ত ধনৰ সদ্ব্যৱহাৰ কৰি এইদৰে কৃষিকর্ম আৰম্ভ কৰে৷ আত্মসহায়ক গোটৰ এইসকল সদস্যাই আৰম্ভ কৰা সৰিয়হৰ খেতি লহপহকৈ বাঢ়ি আহিছে৷ পাকঘৰৰ কাম–কাজৰ মাজতে আজৰি সময়ত পৰিয়ালক কিছু পৰিমাণে হ’লেও আর্থিক সকাহ দিয়াৰ উদ্দেশ্যে খেতিপথাৰত নামি এইসকল মহিলাই এনেদৰে উৎপাদনমুখী কামত জডিত হৈ পৰে৷ ৩০ বিঘা মাটিত সৰিয়হৰ খেতি কৰা এইসকল মহিলাৰ ৩ লক্ষাধিক টকাৰ লাভ হ’ব বুলি আশা প্রকাশ কৰিছে৷

You might also like