নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ–ইউডিএফৰ মিত্রতাতে পদত্যাগ কৰিলোঁ

ৰিপুণক ক্ষুৰধাৰ সমালোচনা অজন্তাৰ

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ নৱবর্ষৰ পহিলা দিনটোতে নিখিল ভাৰত কংগ্রেছ কমিটী আৰু অসম প্রদেশ কংগ্রেছক ক্ষুৰধাৰ সমালোচনা কৰিলে বিজেপিত যোগদান কৰা প্রাক্তন কংগ্রেছী মন্ত্রী অজন্তা নেওগে৷ নিজা বাসভৱনত এখন সংবাদ মেল সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক সদস্য অজন্তা নেওগে কংগ্রেছৰ ৰাষ্ট্রীয় পর্যায়ৰ নেতাৰ পৰা ৰাজ্যিক পর্যায়ৰ নেতালৈ সকলোকে চোকা সমালোচনা কৰি দলত্যাগ কৰাৰ কাৰণ বর্ণনা কৰে৷ তেওঁ কয় যে কংগ্রেছে এতিয়া এ আই ইউ ডি এফৰ বোকোচাত উঠি নির্বাচনী বৈতৰণী পাৰ কৰাৰ চেষ্টা চলাইছে৷ সাম্প্রদায়িক দলৰ জখলাত উঠি নির্বাচনত জয়ী হোৱাৰ সপোন দেখা কংগ্রেছ দল এতিয়া ইউ ডি এফৰ কোলাতহে আছে৷ তেওঁ লগতে কয়– এ আই ইউ ডি এফৰ লগত মিত্রতাৰ তেওঁ বিৰোধিতা কৰিছিল৷ অসমৰ খিলঞ্জীয়া লোকৰ স্বার্থ বিঘ্ণিত হ’ব পৰা কোনো কর্মই তেওঁ কৰিব নোৱাৰে বুলি প্রকাশ কৰি নেওগে কয় যে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতাক লৈ তেওঁমানসিক চাপত ভুগিছিল৷ তদুপৰি অসম প্রদেশ কংগ্রেছৰ শীর্ষ নেতৃত্বৰ কোনো গণভিত্তি নথকা বাবেই পূর্বৰ শক্তিশালী দলটো এতিয়া দুর্বল হৈ পৰিছে৷ কেৱল ৰাজ্যিক নেতৃত্বই নহয়, ৰাষ্ট্রীয় পর্যায়ৰ শীর্ষ নেতৃত্বৰো নাই গণভিত্তি আৰু তৃণমূল কর্মীৰ প্রতি আগ্রহ৷ অসমৰ ১৪–১৫গৰাকী কংগ্রেছ বিধায়কে নিখিল ভাৰত কংগ্রেছ কমিটীৰ শীর্ষ নেতৃত্বক কেতবোৰ সমস্যা সম্পর্কে অভিযোগ দিবলৈ দিল্লীত বাহৰ পাতি থকাৰ পাছতো অকণমান সময় সংগ দিবলৈ আহৰি নহ’ল ৰাষ্ট্রীয় নেতৃত্বৰ৷

অসমত থকা কংগ্রছৰ কেইজনমান বিধায়ককে যদি সময় দিব নোৱাৰে, তেনে নেতাই সাধাৰণ জনতাৰ সমস্যা কি বুজি পাব বুলি তেওঁ ক্ষোভ প্রকাশ কৰে৷ তদুপৰি তেওঁ কয় যে গোলাঘাটত সতী সাধনী বিশ্ববিদ্যালয়ৰ বাবে প্রয়োজনীয় ভূমি নথকাৰ ফলত কামসমূহ ৰৈ যোৱাৰ বাবে মুখ্যমন্ত্রী আৰু বিত্তমন্ত্রীক এই সমস্যাৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে তেওঁ সাক্ষাৎ কৰিছিল৷ এগৰাকী জনপ্রতিনিধি হিচাপে মুখ্যমন্ত্রী আৰু বিত্তমন্ত্রীৰ লগত আলোচনা কৰাত কোনো বাধা নাই৷ কিন্তু এই কথাকে লৈ কোনো কাৰণ নোহোৱাকৈ কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰি কংগ্রেছ দলে অপমান কৰা বুলি নেত্রীগৰাকীয়ে প্রকাশ কৰে৷ এনে তিক্ততা সহ্য কৰিব নোৱাৰি প্রদেশ কংগ্রেছৰ সভাপতিলৈ কংগ্রেছৰ সাধাৰণ সদস্য পদৰ লগতে বিধায়ক পদৰ পৰা পদত্যাগ কৰা পত্র প্রদান কৰাৰ পাছতেই নিখিল ভাৰত কংগ্রেছৰ পৰা নিলম্বন কৰা হ’ল৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাৰ বিৰোধ কৰাৰ বাবে কংগ্রেছ দলৰ পৰা অজন্তা নেওগক কেনেকৈ উলিয়াব পাৰি, তাকে ভাবি থকা শীর্ষ নেতৃত্বই ইতিবাচক বিষয়ক নেতিবাচক ৰূপ দি নিলম্বন কৰা কার্যই পোহৰলৈ আনিলে কংগ্রেছৰ এ আই ইউ ডি এফপ্রীতি কিমান৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক সকীয়নি দি তেওঁ কয়– ‘অজন্তা নেওগে স্বামী নগেন নেওগৰ আদর্শক কেতিয়াও হত্যা কৰা নাই৷ এনে কথা কোৱাৰ পূর্বে ৰিপুণ বৰাই মনত পেলাওক, প্রদেশ কংগ্রেছৰ সভা–সমিতিত কোন দিনা স্বামী নগেন নেওগৰ প্রতিচ্ছবিত এগছি বন্তি জ্বলাই আদর্শক জীয়াই ৰাখিছিল৷’ কেৱল নগেন নেওগেই নহয়, দলৰ কাম কৰি উগ্রবাদীৰ হাতত মৃত্যুক সাবটি লোৱাসকলক শ্রদ্ধা আৰু সন্মান জনাবলৈ আহ্বান জনাই তেওঁ কয়– ৰিপুণ বৰাই মোৰ স্বামীৰ নাম লৈ ৰাজনীতি কৰাৰ অধিকাৰ নাই৷ তেওঁ লগতে কয় যে স্বামীৰ মৃত্যুৰ পাছত সদ্যপ্রয়াত তৰুণ গগৈয়ে তেওঁক ৰাজনৈতিক পথাৰলৈ উলিয়াই আনিছিল৷ ইয়াৰ পাছত গোলাঘাট সমষ্টিত কংগ্রেছৰ পৰা টিকট দিয়াৰ পাছত এটা লক্ষ্যই বুকুত বান্ধি ৰাখিছিল৷ কামৰ জৰিয়তে স্বামী হত্যাৰ প্রতিশোধ লোৱাৰ সংকল্প৷ এই সংকল্পৰে গোলাঘাটখনক নতুনকৈ সজাই তোলা হ’ল৷ লগতে তেওঁ উল্লেখ কৰে যে অচিৰেই কেইবাসহস্র কংগ্রেছৰ নেতা–কর্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব৷

You might also like