নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হার্দিক পাণ্ডিয়াৰ সৈতে নিউ ইয়েৰ পার্টীত অংশ ল’লে কোহলি–অনুষ্কাই

নিয়মীয়া বাৰ্তা,  ২ জানুৱাৰীঃ নিউ ইয়েৰ পার্টীত একেলগে দেখিবলৈ পোৱা গ’ল টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি আৰু তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াক৷ নৱবর্ষক আদৰিবলৈ যোৱানিশা আয়োজন কৰা এক নৈশভোজত অধিনায়ক কোহলি আৰু পাণ্ডিয়াই সপত্নীক উপস্থিত থাকে৷ প্রথমটো সন্তানক আদৰিবলৈ অষ্ট্রেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা নাম প্রত্যাহাৰ কৰি স্বদেশলৈ উভতি অহা কোহলিয়ে টুইটাৰত নৈশভোজৰ এক অন্তৰংগ ফটো প্রকাশ কৰে৷

কোহলিৰ সৈতে পত্নী তথা অভিনেত্রী অনুষ্কা শর্মা আৰু হার্দিক পাণ্ডিয়াৰ সৈতে পত্নী নাটাছা ষ্টানক’ভিচক কেইজনমান আন বন্ধু–বান্ধৱীৰ সৈতে নৈশ পার্টীত দেখিবলৈ পোৱা যায়৷ টুইটাৰত কোহলিয়ে লিখিছে যে ক’ভিড টেষ্ট নিগেটিভ হোৱা কেইগৰাকীমান বন্ধুৰ সৈতে একগোট হোৱাৰ এয়া সময়৷ এক নিৰাপদ পৰিৱেশত অন্তৰংগ বন্ধুৰ সৈতে একগোট হোৱাৰ আনন্দই সুকীয়া৷ আশা কৰিছোঁ নতুন বছৰটোৱে সকলোৰে জীৱনলৈ আনন্দ, সুখ আৰু সু–স্বাস্থ্য কঢ়িয়াই আনিব৷

উল্লেখ্য যে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীৰ অনুপস্থিতিত শেহতীয়াকৈ আজিংক্য ৰাহানে নেতৃত্বাধীন দলটোৱে মেলব’ন ক্রিকেট গ্রাউণ্ডত অষ্ট্রেলিয়াক হৰুৱাই চমক সৃষ্টি কৰিছে৷ পিতৃত্বকালীন ছুটীত থকা কোহলিক চলিত বর্ষৰ ফেব্রুৱাৰী–মার্চত ঘৰৰ মাটিত ইংলেণ্ডৰ বিৰুদ্ধে পূর্ণাংগ শৃংখলাত পুনৰ খেলপথাৰত দেখিবলৈ পোৱা যাব৷ শেহতীয়াকৈ তেওঁ আই চি চিৰ দশকৰ শ্রেষ্ঠ পুৰুষ ক্রিকেটাৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷

You might also like