দললৈ উভতিয়ে সহঃ অধিনায়ক হ’ল ৰোহিত
নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ আঘাতমুক্ত হৈ দুদিন পূর্বে টীম ইণ্ডিয়াৰ দলীয় শিবিৰত যোগ দিয়া ৰোহিত শর্মাই দলৰ সহঃ অধিনায়কৰ দায়িত্ব লাভ কৰিছে৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া পৰৱর্তী দুখন টেষ্টৰ বাবে বি চি চি আয়ে আজি ১৫জনীয়া দল ঘোষণা কৰি শ্বেটেশ্বৰ পূজাৰাৰ সলনি ৰোহিতক সহঃধিনায়কৰ দায়িত্ব অর্পণ কৰিছে৷
উল্লেখ্য যে নিয়মীয়া অধিনায়ক বিৰাট কোহলি প্রথম টেষ্টৰ পিছত স্বদেশলৈ উভতি অহাত আজিংক্য ৰাহানেক টীম ইণ্ডিয়াৰ অধিনায়ক আৰু পূজাৰাক সহঃধিনায়কৰ দায়িত্ব দিয়া হৈছিল৷ কিন্তু আঘাতমুক্ত হৈ ৰোহিত দললৈ ওভতাত তেওঁ টেষ্ট কেৰিয়াৰত প্রথমবাৰৰ বাবে সহঃধিনায়কৰ দায়িত্ব লাভ কৰে৷ এই সন্দর্ভত ব’ডৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ৰোহিতে দীর্ঘদিন ধৰি ভাৰতীয় এদিনীয়া আৰু টি–২০ দলৰ সহঃধিনায়ক হিচাপে দায়িত্ব পালন কৰি আহিছে৷ কোহলিৰ অনুপস্থিতিত তেওঁ দলৰ লীডাৰশ্বিপ গ্রুপৰ অন্যতম গুৰুত্বপূর্ণ সদস্য৷
মন কৰিবলগীয়া যে হেমষ্ট্রিঙৰ আঘাতৰ পৰা আৰোগ্য লাভ কৰি ৰোহিতে অষ্ট্রেলিয়াত উপস্থিত হোৱাৰ পিছত ১৪ দিনৰ বাধ্যতামূলক কোৱাৰেণ্টাইনত থাকিবলগীয়া হয়৷ বুধবাৰে দলত যোগ দি তেওঁ বৃহস্পতিবাৰৰ পৰা অনুশীলন আৰম্ভ কৰিছে৷ ৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ছিডনী টেষ্টত ৰোহিতে শুভমন গীলৰ সৈতে টীম ইণ্ডিয়াৰ ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে৷ ইফালে, আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ হোৱা তাৰকা বেগী বলাৰ উমেশ যাদৱৰ স্থানত তামিলনাডুৰ নৱাগত চাঞ্চল্য টি নটৰাজনক ভাৰতীয় টেষ্ট দলত অন্তর্ভুক্ত কৰা হৈছে৷ ইয়াৰ পূর্বে আঘাতপ্রাপ্ত মহম্মদ ছামিৰ স্থানত ছার্দুল ঠাকুৰক ১৫জনীয়া দলটোত অন্তর্ভুক্ত কৰা হৈছিল৷ আই পি এলত চমক সৃষ্টি কৰা টি নটৰাজনে ভাৰতৰ হৈ দুখন এদিনীয়া আৰু ছখন টি–২০ মেচ খেলি আঠটা উইকেট দখল কৰিবলৈ সক্ষম হৈছে৷ তামিলনাডুৰ হৈ তেওঁ ২০খন প্রথম শ্রেণীৰ মেচ খেলিছে৷