গুৱাহাটীত আৰম্ভ ক’ৰোনা ভেকচিনৰ ড্রাই ৰান, কোভাক্সিন আৰু ক’ভিশ্বিল্ড ভেকচিনৰ অনুমতি
নিয়মীয়া বার্তা, ৩ জানুৱাৰীঃ বিগত বর্ষত ক’ৰোনাই সৃষ্টি কৰা ত্রাস আৰু দুর্যোগৰ পাছত নৱবর্ষৰ আৰম্ভণিতে ৰাজ্যবাসীলৈ সুখবৰ কঢ়িয়াই আনি অসমত আৰম্ভ হ’ল ভেকচিনৰ ড্রাই ৰান৷ ক’ৰোনাৰ সংক্রমণ প্রতিহত কৰাৰ লক্ষ্যৰে কালিৰে পৰা সমগ্র দেশৰ লগতে অসমতো আৰম্ভ হোৱা এই ড্রাই ৰানৰ অংশস্বৰূপে কামৰূপ (মহানগৰ) জিলাৰ ৭৫গৰাকীকৈ লোকক পৰীক্ষামূলকভাৱে কালি ভেকচিন প্রদান কৰা হয়৷
উল্লেখ্য যে ক’ভিড প্রতিৰোধৰ ক্ষেত্রত ভাৰতত অক্সফ’ৰ্ড–এষ্ট্রাজেনেকাৰ ভেকচিন ক’ভিশ্বিল্ড প্রয়োগৰ ক্ষেত্রত শেহতীয়াকৈ ড্রাগ্ছ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই (ডি চি জি আই) অনুমোদন জনাইছে৷ ক’ভিশ্বিল্ড ভেকচিনে চমকপ্রদ সফলতা লাভ কৰাৰ পাছত সমগ্র দেশতে এই ভেকচিন পৰীক্ষামূলকভাৱে ব্যৱহাৰৰ বাবে কেন্দ্রীয় চৰকাৰে অনুমোদন জনায়৷
সেইমর্মে কালি সমগ্র দেশৰ লগতে অসমৰ কামৰূপ (মহানগৰ) জিলাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ), সোণাপুৰৰ জিলা চিকিৎসালয় আৰু খানাপাৰাৰ প্রাথমিক স্বাস্থ্যকেন্দ্রত আজি ২৫গৰাকীকৈ লোকক পৰীক্ষামূলকভাৱে এই ভেকচিন প্রদান কৰা হয়৷
পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা এই ভেকচিন প্রদান কার্যসূচী তদাৰক কৰে ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ সঞ্চালক ডাঃ লক্ষ্মণন, জি এম চি এইচৰ অধ্যক্ষ অচ্যুত কুমাৰ বৈশ্য, কামৰূপ (মহানগৰ) জিলাৰ অতিৰিক্ত উপায়ুক্ত শর্মিষ্ঠা বৰাৰ লগতে স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই৷
মন কৰিবলগীয়া যে সমগ্র দেশতে আজি পৰীক্ষামূলকভাৱে প্রদান কৰা এই ভেকচিন পোনপ্রথমে স্বাস্থ্যকর্মী আৰু সেনা জোৱানসকলক প্রদান কৰা হ’ব৷ কেন্দ্রীয় চৰকাৰে ক’ভিড ভেকচিন বিনামূলীয়াকৈ উপলব্ধ কৰাৰ কথা ঘোষণা কৰাৰ পাছতে কালি সমগ্র দেশৰ ৰাজ্যসমূহৰ ৰাজধানীত ভেকচিনৰ ড্রাই ৰান আৰম্ভ কৰা হৈছে৷
এই ভেকচিনৰ টিকাকৰণৰ পূর্বে বর্তমানলৈ ৯৬ হাজাৰ ভেকচিনেটৰ বিষয়াক প্রশিক্ষণ দিয়া হৈছে৷ প্রথম পর্যায়ৰ টিকাকৰণৰ প্রক্রিয়াত মুঠ ৩০ কোটি লোকক সামৰি লোৱাৰ পৰিকল্পনা কৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ কামৰূপ (মহানগৰ) জিলাত কালি এম চি এইচ, খানাপাৰা আৰু সোণাপুৰত পুৱা ৯ বজাৰ পৰা পঞ্জীয়নকৃত লোকসকলক ভেকচিন প্রদান কৰাৰ লগতে তেওঁলোকক কিছু পৰিমাণে কাউন্সেলিং কৰা হয়৷
বিশেষকৈ ভেকচিন কেনেদৰে দিয়া হ’ব, ইয়াৰ ফলত হ’ব পৰা পার্শ্বক্রিয়া আদি সম্পর্কেও ভেকচিন লোৱাসকলক বিস্তৃতভাৱে বুজাই দিয়ে স্বাস্থ্য বিভাগৰ বিষয়াসকলে৷ উল্লেখ্য যে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ফেব্রুৱাৰী–মার্চ মাহত ৰাজ্যত ক’ভিড ভেকচিন উপলব্ধ হ’ব বুলি শেহতীয়াকৈ ঘোষণা কৰিছে৷
প্রথম পর্যায়ত চিকিৎসা কর্মীসকলক এই ভেকচিন প্রদানৰ পাছতহে সাধাৰণ নাগৰিকৰ বাবে এই ভেকচিন মুকলিৰ কথা উল্লেখ কৰিছিল৷ কালি গুৱাহাটীত ভেকচিনৰ ড্রাই ৰান আৰম্ভ হোৱাৰ পাছতেই এই সন্দর্ভত স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয়– কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা সিদ্ধান্ত অনুসৰি অসমত ভেকচিনৰ পৰীক্ষামূলক অনুশীলনী আৰম্ভ হৈছে৷ ইয়াৰ বাবে অসমৰ স্বাস্থ্য বিভাগ সকলো প্রকাৰে সাজু৷
লক্ষণীয় যে ভেকচিন কিদৰে প্রদান কৰা হ’ব, সেই সম্পর্কে অনুশীলনী কৰাৰ বাবে ইয়াৰ পূর্বে তেজপুৰ আৰু নলবাৰীত হৈছিল ভেকচিনৰ মকড্রিল৷ প্রায় ১০খন চিকিৎসালয়ত ভেকচিন প্রদানৰ অনুশীলন কৰা হৈছিল৷ শেহতীয়াকৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰা অনুসৰি দেশৰ সকলো ৰাজ্যৰ ১১৬খন জিলাৰ ২৫৯টা কেন্দ্রত ক’ভিড ভেকচিনৰ ড্রাই ৰান সম্পন্ন কৰা হৈছে৷ এইক্ষেত্রত কোনোধৰণৰ উৰাবাতৰিত জনসাধাৰণক বিভ্রান্ত নহ’বলৈ আহ্বান জনাইছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷