শ্মশানস্থলীতে প্ৰাণ গ’ল ১৬গৰাকীৰ, আহিছিল আনৰ অন্তিম সৎকাৰৰ বাবে
নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এক শ্মশানঘাটত প্ৰাণ গ’ল ১৬গৰাকীকৈ লোকৰ। জানিব পৰা মতে, গাজিয়াবাদ থানাৰ অন্তৰ্গত মুৰাদনগৰ এলেকাৰ এক শ্মশানস্থলীত ছাদ খহাত এই দুৰ্ঘটনা সংঘটিত হয়।
উক্ত শ্মশানস্থলীত কোনো আত্মীয়ৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সমৱেত হোৱা লোকসকলে বৰষুণৰ বাবে উক্ত ছাদখনৰ তলতে থিতাপি লৈছিল। কিন্তু হঠাতে ছাদখন খহি পৰাত মৃত্যুমুখত পৰে ১৬গৰাকী লোক। ধাৰণা কৰা মতে, ছাদখনৰ তলত ২৪গৰাকীৰো অধিক লোক আছিল।
ভংগ্ন ছাদৰ তলৰ পৰা স্থানীয় প্ৰশাসনে জেচিবি লগাই উদ্ধাৰ কৰিব লগা হয় মৃতদেহ। মুখ্যমন্ত্ৰী আদিত্য নাথ যোগীয়ে মৃত ব্যক্তিৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে।