ৰাজ্যত নীল বিপ্লৱ! অস্তিত্বহীন ৩৮৪ পুখুৰীৰ নামত মোকলাই দিলে কোটি কোটি টকা
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ নিবনুৱা যুৱক–যুৱতীৰ বাবে স্বনিয়োজনৰ যথেষ্ট সম্ভাৱনা থকা মীনপালনৰ ক্ষেত্রখনত সৃষ্টি হৈছে চৰম নৈৰাজ্য৷ বিভাগীয় মন্ত্রী পৰিমল শুক্লবৈদ্যৰ চৰম দায়িত্বজ্ঞানহীনতা আৰু একাংশ বিষয়াৰ উদ্ধতালিৰ বাবে মূৰৰ পৰাই গেলিবলৈ আৰম্ভ হৈছে মীন বিভাগ৷ বিভাগটোৱে নিবনুৱা যুৱক–যুৱতীক সংস্থাপনৰ বাবে গ্রহণ কৰা আঁচনি ৰূপায়ণৰ নামত সৃষ্টি হৈছে চৰম বিশৃংখলতা৷
তদুপৰি প্রকৃত হিতাধিকাৰীক বঞ্চিত কৰি একাংশ বিষয়াই ৰাজকোষৰ ধন আত্মসাৎ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ বিশেষকৈ নীল বিপ্লৱ নামৰ আঁচনিখনৰ অধীনত ৰাজ্যৰ চুকে–কোণে পুখুৰী খন্দাৰ নামত সংঘটিত হৈছে ব্যাপক দুর্নীতি৷ শেহতীয়াভাৱে মহাগাণনিকৰ প্রতিবেদনে উন্মোচিত কৰিছে নীল বিপ্লৱ আঁচনিৰ নামত চলি থকা ভেঁকোভাওনা৷ যোৱা ৩১ জুলাইত উপ–মহাগাণনিকে মীন সঞ্চালকালয়লৈ প্রেৰণ কৰা এ জি (এ ইউ)/এ এম জি–১৪/ডি পি–১/২০১৯–২০/০৬ নম্বৰৰ চিঠি অনুসৰি ২০১৬–১৭ বর্ষৰ পৰা ২০১৮–১৯ বর্ষলৈ নীল বিপ্লৱ আঁচনিৰ নামত সংঘটিত হৈছে এই দুর্নীতি৷
অস্তিত্ব নথকা পুখুৰীৰ নামত বিভাগটোৱে মোকলাই দিছে কোটি কোটি টকা৷ উপ–মহাগাণনিকৰ পত্র অনুসৰি ২০১৬ৰ পৰা ২০১৯ বর্ষলৈ ৩৮৪টা অস্তিত্বহীন পুখুৰীৰ নামত হিতাধিকাৰীক ১০০ শতাংশ ধন মোকলাই দিয়া হৈছে৷ মহাগাণনিকে এই আঁচনিখন সন্দর্ভত ৰাজ্যৰ মাত্র ৯খন জিলাৰ কিছু অঞ্চলত ক্ষেত্রভিত্তিক অধ্যয়ন কৰিছে৷ এই অধ্যয়নতে উক্ত ৩৮৪টা পুখুৰীৰ তথ্য পোহৰলৈ আহিছে৷ সমগ্র অসমত নীল বিপ্লৱ আঁচনিৰ অধীনত পুখুৰী খন্দাৰ নামত আবণ্টন দিয়া ধনৰ অধিক অনুসন্ধান কৰিলে এনে অস্তিত্বহীন পুখুৰীৰ সংখ্যা বহুগুণে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷
উল্লেখ্য যে শেহতীয়াকৈ নীল বিপ্লৱ আঁচনিৰ জৰিয়তে ৰাজ্যজুৰি এক অভাৱনীয় সাফল্য আনিবলৈ সক্ষম হোৱা বুলি সংশ্লিষ্ট বিভাগটোৱে বিভিন্ন সময়ত প্রচাৰ কৰি আহিছে৷ এনে সময়ত মহাগাণনিকৰ তথ্যত ইয়াৰ বিপৰীত ছবি উন্মোচিত হোৱা সমগ্র আঁচনিখনৰ ৰূপায়ণক লৈ সৃষ্টি হৈছে ৰহস্য৷ প্রাপ্ত তথ্য অনুসৰি, ২০১৬–১৭ বর্ষৰ পৰা নীল বিপ্লৱ আঁচনিৰ ন’ডেল বিষয়া হিচাপে নিযুক্ত হৈ আছে চন্দন ছেত্রী নামৰ এজন বিষয়া৷
এই বিষয়াজনৰ পৃষ্ঠপোষকতাতেই নীল বিপ্লৱ আঁচনিৰ নামত দুর্নীতি সংঘটিত হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ মীন বিভাগৰ এক শীর্ষ সূত্রই সদৰী কৰা অনুসৰি নীল বিপ্লৱ আঁচনিৰ নামত কেন্দ্রীয় চৰকাৰৰ পৰা বিগত চাৰি বছৰত ক্রমে ১৭ কোটি, ৭ কোটি, ৬ কোটি আৰু ৩০ কোটি টকা লাভ কৰিছে বিভাগটোৱে৷ এই ধনৰ সিংহভাগেই ছেত্রী নামৰ বিষয়াগৰাকীয়ে অপব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে সূত্রটোৱে৷
আনহাতে, এই আঁচনিৰ সফল ৰূপায়ণ হোৱা বুলি প্রচাৰ চলাই বিষয়াজনে মন্ত্রী শুক্লবৈদ্যক বিপথে পৰিচালিত কৰিছে বুলিও সূত্রটোৱে প্রকাশ কৰিছে৷ লক্ষণীয় যে মহাগাণনিকৰ পৰা পত্রখন লাভ কৰাৰ পাছতে এইজন বিষয়াই সঞ্চালক নির্মলেন্দু দেৱনাথ আৰু দুজন উপ–সঞ্চালক ক্রমে জয়প্রকাশ মেধি আৰু তপন দাসক অসাৰ কৰি উত্তৰ প্রদান কৰে৷ ছেত্রীয়ে এই পত্রৰ জৰিয়তে সমগ্র বিষয়টোৰ ওপৰত এখন স্থিতি প্রতিবেদন দাখিল কৰিবলৈ মহাগাণনিকৰ পৰা সময় বিচাৰে৷
পৰৱর্তী সময়ত সংশ্লিষ্ট ৯খন জিলাৰ সকলো জিলা বিষয়াৰ ওপৰত সমস্ত দোষ জাপি দি ছেত্রীয়ে নতুনকৈ স্থিতি প্রতিবেদন দাখিল কৰিবলৈ তেওঁলোকক নির্দেশ দিয়ে৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি প্রয়োজন সাপেক্ষে আনৰ পুখুৰী নিজৰ বুলি তথ্য দিবলৈ হিতাধিকাৰীসকলক মেনেজ কৰাৰ বাবে সংশ্লিষ্ট জিলা বিষয়াসকলক ছেত্রীয়ে হেঁচা প্রয়োগ কৰে৷ প্রাপ্ত তথ্য অনুসৰি, কেৱল নীল বিপ্লৱেই নহয়, প্রধানমন্ত্রীৰ মৎস্য সম্পদ যোজনা আদিৰ দৰে একাধিক লাভজনক আঁচনিৰ ন’ডেল বিষয়া হিচাপেও দায়িত্ব লৈ ছেত্রীয়ে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে চন্দন ছেত্রীৰ লগতে বক্র পথেৰে মীন বিভাগৰ যুটীয়া সঞ্চালকৰ আসনত বহা অপূর্ব কুমাৰ দাসৰ দপদপনিত পদমর্যাদা হেৰুৱাবলগীয়া হৈছে একাংশ জ্যেষ্ঠ বিষয়াই৷ মীন বিভাগৰ সূত্রটোৱে প্রকাশ কৰা মতে, ছেত্রী আৰু দাসৰ বাবে জ্যেষ্ঠ বিষয়াসকলেও পদোন্নতিৰ পৰা বঞ্চিত হৈ আহিছে৷ ঊর্ধ্বতন কর্তৃপক্ষক পাকে–প্রকাৰে মেনেজ কৰি বিভাগটোৰ জ্যেষ্ঠ আৰু দক্ষ বিষয়াসকলক কোনো কাম সুচাৰুৰূপে কৰিবলৈ সুযোগ নিদিয়ে এই দুজন বিষয়াই৷
সূত্রটোৱে জনোৱা অনুসৰি, দাস আৰু ছেত্রী পদমর্যাদাত মীন উন্নয়ন বিষয়া যদিও বিভাগীয়ভাৱে সমগ্র উচ্চ পর্যায়ৰ দায়িত্ব তেওঁলোকে লাভ কৰি আহিছে৷ মীন বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰৰ আশিসধন্য হোৱাৰ বাবেই দাস আৰু ছেত্রীয়ে বিভাগটোৰ নিয়োগ, বদলি, পদোন্নতি, কামৰ আবণ্টন, ঠিকা–ঠুকলি সকলোতে হস্তক্ষেপ কৰি আহিছে৷
একাংশ কনিষ্ঠ বিষয়াৰ সহযোগিতাত বিভাগটোত উঠিৰজা বহিৰজা হৈ পৰা অপূর্ব কুমাৰ দাস চাকৰিত যোগদান কৰাৰ পৰাই সঞ্চালকালয়তে নিযুক্ত হৈ আছে৷ দুবাৰ তেওঁক কৃষি বিজ্ঞান কেন্দ্র আৰু ৰাষ্ট্রীয় মীন উন্নয়ন পৰিষদলৈ ডেপুটেচনত পঠিওৱা হৈছিল যদিও নির্ধাৰিত কার্যকাল শেষ হোৱাৰ পূর্বে সঞ্চালকালয়লৈ উভতি আহে৷
ক্ষেত্রভিত্তিক কাম–কাজৰ বাবে নিয়োজিত এইজন দাসে মীন উন্নয়ন বিষয়াৰ গ্রেডেচন তালিকাত ৫১ নম্বৰ স্থানত থকা সত্ত্বেও মহকুমা বিষয়া, জিলা বিষয়া, দুজন উপ–সঞ্চালকক চেৰাই যুটীয়া সঞ্চালক পদত তেওঁক ৰহস্যজনকভাৱে নিযুক্তি দিয়া হয়৷ দায়িত্ব লাভ কৰাৰ পৰা তেওঁ জ্যেষ্ঠ বিষয়াসকলৰ পদোন্নতিৰ ক্ষেত্রত বাধাৰ সৃষ্টি কৰি আহিছে৷ সুদীর্ঘ ৩০ৰ পৰা ৩৫ বছৰ ধৰি একেটা পদত চাকৰি কৰি থকা অৱসৰলৈ মাত্র তিনি মাহ, এবছৰ অথবা দুবছৰ কার্যকাল থকা বিষয়াসকলৰ পদোন্নতিত বাধা দিবলৈ তেওঁ আন এক ষড়যন্ত্র ৰচনা কৰিছে৷
সঞ্চালকৰ জৰিয়তে কৌশলপূর্ণভাৱে এখন চিঠিৰ জৰিয়তে জ্যেষ্ঠ বিষয়াসকলক এবছৰীয়া প্রশিক্ষণৰ বাবে কলকাতালৈ যাবলৈ নির্দেশ দিছে৷ অন্যথা তেওঁলোকৰ নাম পদোন্নতিৰ বাবে বিবেচনা নকৰে বুলিও কোৱা হৈছে৷ যাৰ ফলত অৱসৰলৈ মাত্র কেইমাহমান বাকী থকা বিষয়াসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ তদুপৰি বিধি অনুযায়ী সহকাৰী মীন বিষয়াৰ পৰা মীন উন্নয়ন বিষয়ালৈ দিব লগা ২৫ শতাংশ পদোন্নতি দাস আৰু ছেত্রীৰ চক্রান্ততে বন্ধ হৈ আছে বুলি উত্থাপন হৈছে অভিযোগ৷
মুঠৰ ওপৰত এই দুজন বিষয়াই মীন বিভাগত একছত্রীভাৱে চলাই আহিছে ৰাজত্ব৷ জ্যেষ্ঠ আৰু দক্ষ বিষয়াসকলক বঞ্চিত কৰি বিভাগটোৰ ভিতৰচ’ৰাত দুর্নীতিৰ পোহাৰ মেলা এই দুজন বিষয়াৰ বিৰুদ্ধে সংশ্লিষ্ট মন্ত্রীগৰাকীয়ে কি ব্যৱস্থা গ্রহণ কৰে সেয়া হ’ব লক্ষণীয়৷