নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ দেশৰ ৰাজধানী দিল্লীৰ সীমান্তত ৪০ দিন ধৰি তিনিখন কৃষি আইন প্রত্যাহাৰৰ দাবীত প্রতিবাদ অব্যাহত ৰখা কৃষক সংগঠনৰ নেতৃত্বৰ সৈতে কেন্দ্রীয় চৰকাৰৰ সপ্তমলানি আলোচনা ব্যর্থ হৈছে৷ কালি কৃষি আইন প্রত্যাহাৰৰ দাবীত আলোচনাকালত কৃষক সংগঠনৰ নেতৃত্বই নিজৰ স্থিতি অটল ৰাখে৷ কালিৰ আলোচনাত চৰকাৰ আৰু কৃষক সংগঠনৰ নেতৃত্ব কোনো ধৰণৰ সহমতত উপনীত হ’বলৈ সক্ষম নহ’ল যদিও আগন্তুক ৮ জানুৱাৰীত পুনৰ চৰকাৰৰে আলোচনাত বহিবলৈ সন্মতি প্রকাশ কৰিছে কৃষক নেতৃত্বই৷
আলোচনাৰ পিছতে কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে সাংবাদিকৰ সৈতে মত বিনিময় কৰি কয় যে তিনিওখন আইনৰ প্রতিটো ধাৰা তন্নতন্নকৈ আলোচনা কৰাৰ ক্ষেত্রত চৰকাৰ আগ্রহী হৈ আছিল যদিও কৃষক নেতৃত্বই এইক্ষেত্রত কোনো ধৰণৰ ইতিবাচক দৃষ্টিভংগী প্রকাশ নকৰিলে৷ কৃষক সংগঠনৰ নেতৃবৃন্দ তিনিওখন আইন প্রত্যাহাৰৰ দাবীত অটল হৈ থাকে বুলি উল্লেখ কৰে মন্ত্রীগৰাকীয়ে৷ অৱশ্যে ৮ জানুৱাৰীত হ’বলগীয়া আলোচনাত এক সুফল পোৱা যাব বুলি আশা প্রকাশ কৰিছে মন্ত্রীগৰাকীয়ে৷ লক্ষণীয়ভাৱে পূর্বৰে পৰা কৃষক সংগঠনৰ নেতৃত্বই তিনিওখন আইন প্রত্যাহাৰৰ বিকল্প নাই বুলি দাবী জনাই আহিছে৷