কেনে আছে বংগৰ মহাৰাজা? ফোন কৰি খবৰ ল’লে মোদীয়ে…
নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ হূদৰোগত আক্রান্ত হৈ যোৱা শনিবাৰে চিকিৎসালয়ত ভর্তি হোৱা সৌৰভ গাংগুলীৰ স্বাস্থ্যৰ বুজ ল’লে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ প্রাক্তন ক্রিকেটাৰ তথা বি চি চি আইৰ মুৰব্বীগৰাকীৰ পত্নী ড’না গাংগুলীক ফোন কৰি প্রধানমন্ত্রী মোদীয়ে যোৱানিশা গাংগুলীৰ স্বাস্থ্যৰ বুজ লয়৷
ইফালে, গাংগুলীৰ স্বাস্থ্যৰ বুজ ল’বলৈ কলকাতাৰ উডলেণ্ড হাস্পতালত উপস্থিত হয় বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী, উত্তৰ প্রদেশৰ উপ–মুখ্যমন্ত্রী কেশৱ প্রসাদ মৌর্য, বিজেপিৰ কেন্দ্রীয় মন্ত্রী তথা বি চি চি আইৰ প্রাক্তন সম্পাদক অনুৰাগ ঠাকুৰ৷ প্রাক্তন ক্রিকেটাৰগৰাকীৰ স্বাস্থ্যক লৈ ৰাজনৈতিক নেতাসকলৰ তৎপৰতা বিশেষ তাৎপর্যপূর্ণ বিবেচিত হৈছে৷ কিয়নো, বংগৰ মহাৰাজাক সন্মুখত ৰাখি বিজেপিয়ে আগন্তুক বিধানসভা নির্বাচনত পশ্চিমবংগ দখলৰ পৰিকল্পনা ৰচা বুলি বিগত বর্ষৰ পৰা চর্চা চলি আছে৷
ইফালে, চিকিৎসকে আজি সদৰী কৰা অনুসৰি গাংগুলী এতিয়া যথেষ্ট সুস্থ আৰু বুধবাৰে তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিব৷