নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিক শহাপহু আৰু কংগ্ৰেছক কাছৰে ৰিজালে কংগ্ৰেছ সাংসদে

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ কংগ্ৰেছ দলক কাছ আৰু বিজেপিক শহাপহুৰ লগত তুলনা কৰিলে কংগ্ৰেছ সাংসদ আব্দুল খালেকে। বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে আজি সাংবদিকৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত কয় যে শহা আৰু কাছৰ দৌৰ প্ৰতিযোগিতাৰ দৰে অন্তত কিন্তু জয়ী হ’ব কাছই।

খালেকে লগতে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বাবে অকল এ আই ইউ ডি এফৰে কংগ্ৰেছ দলৰ মিত্ৰতা নহয় এক মহাজোঁট গঠনৰ পোষকতা কৰে। এই সন্দৰ্ভত তেওঁ কয়- ‘আজমল ডাঙৰীয়াই যে এইবাৰেই মিত্ৰতাৰ কথা কৈছে তেনে নহয়, প্ৰতিটো নিৰ্বাচনৰ সময়তে তেওঁ মিত্ৰতাৰ প্ৰসংগ উলিয়ায়। কিন্তু এইবাৰ বিষয়টো কংগ্ৰেছৰ ৰাজ্যিক কমিটীৰ মাজত আলোচনা হৈছে। মই অকলে এ আই ইউ ডি এফৰে কংগ্ৰেছে মিত্ৰতা কৰিলে না বুলি ক’ম, কিন্তু মই ব্যক্তিগতভাৱে মহাজোঁট বন্ধনৰ পক্ষত।’

You might also like