নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ দেশত এতিয়াও উপলব্ধ হোৱা নাই ক’ৰোনাৰ ভেকছিন। কোভিড আতংকৰ সমান্তৰালকৈ বাৰ্ড ফ্লুয়ে ধৰিছে এতিয়া সংহাৰী ৰূপ। ইয়াৰ পূৰ্বে, ৰাজস্থানত শ শ চৰাইৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল। ক্রমশ ই এতিয়া আন আন ৰাজ্যলৈও বিয়পিবলৈ আৰম্ভ কৰিছে।
ইতিমধ্যেই মধ্যপ্রদেশ, কেৰালা আৰু হিমাচল প্রদেশত জাৰি হৈছে সতর্কতা। উত্তৰপ্রদেশত যোগী প্রশাসনেও বার্ড ফ্লুক লৈ মঙলবাৰে উচ্চপর্যায়ৰ বৈঠক অনুষ্ঠিত হয়। পাছত তাতো জাৰি কৰা হয় এলার্ট।
বার্ড ফ্লু হ’ল H5N1 ভাইৰাছ বাহিত এক ইনফ্লুয়েঞ্জা, যাৰ সংক্রমণৰ ফলত পক্ষীকুলৰ মাজত দেখা যায় প্রৱল শ্বাসকষ্ট। ইপিনে খুব কম সময়তে এই বেমাৰটো মানুহলৈও বিয়পি পৰে। যাৰ প্রকোপত মৃত্যু পৰ্যন্ত হ’ব পাৰে।