কাণত ইয়াৰফোন লগাই পাতি আছিল কথা, বজ্ৰপাতত মৃত্যুমুখত পৰিল যুৱক
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ গ্ৰেটাৰ নয়দাত বজ্ৰপাত পৰি এগৰাকী ২২ বছৰীয়া যুৱকৰ মৃত্যু হয়। কিন্তু এই মৃত্যুৰ বাবে বজ্ৰপাতৰ লগতে উক্ত লোকজনৰ কাণত লাগি থকা ইয়াৰফোন আৰু ম’বাইলো সমানে দায়ী বুলি কোৱা হৈছে।
হিন্দুস্থান টাইমৰ প্ৰতিবেদন মতে, গ্ৰেটাৰ নয়দাৰ জেৱাৰ নামৰ ঠাইত সংঘটিত হয় এই ঘটনা। গৌতম ভাৰ্তী নামৰ যুৱকজনে সন্ধিয়াৰ ভাগত খেতিপথাৰলৈ কাণত ইয়াৰফোন লগাই কাৰোবাৰ সৈতে কথা পাতি গৈ আছিল। কিন্তু বৰষুণৰ বাবে তেওঁ পথাৰৰে এটা ঘৰত আশ্ৰয় লয়। নিশালৈ ভাৰ্তী উভতি নহাত পৰিয়াল লোকে বিচাৰ-খোঁচাৰ কৰি খেতিপথাৰত থকা ঘৰটোত পিছদিনা পুৱা মৃত অৱস্থাত উদ্ধাৰ কৰে।
গৌতমৰ কাণত লাগি থকা ইয়াৰফোনডাল আৰু ম’বাইলটো সম্পূৰ্ণ ৰূপে নষ্ট হয়। মুখ আৰু কাণেৰে তেজ ওলাই থকা গৌতমৰ মৃতদেহটোও জ্বলি গৈছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। উল্লেখ্য, লকডাউনৰ সময়ত বিবাহপাশত আবদ্ধ হৈছিল গৌতম ভাৰ্তী।