নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষার্থীৰ প্রতিবাদ; বিশ্ববিদ্যালয় কর্তৃপক্ষৰ নতুন নিয়মক লৈ উদ্বিগ্ন ছাত্র–ছাত্রী

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ উত্তৰ–পূর্বাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষৰ শেহতীয়া এক নির্দেশনাক লৈ বিপাঙত পৰিছে বিশ্ববিদ্যালয়খনৰ ছাত্র–ছাত্রী৷ উল্লেখ্য যে এইবেলি নতুন বর্ষৰ নামভর্তিৰ লগে লগে হোষ্টেলসমূহৰ নামভর্তি প্রক্রিয়াও আৰম্ভ হৈছে৷ অনলাইন পদ্ধতিৰে চলি থকা এই প্রক্রিয়াত কর্তৃপক্ষই এইবাৰ সংযোজন ঘটাইছে এটি বিশেষ নিয়ম৷ কর্তৃপক্ষৰ বিশেষ নতুন নিয়ম অনুসৰি এজন ছাত্র বা ছাত্রী আৱাসীয়ে নিজৰ শৈক্ষিক পাঠ্যক্রমটো একেটা হোষ্টেলতে থাকি সম্পূর্ণ কৰিব নোৱাৰিব৷ পৰৱর্তী বর্ষৰ নামভর্তিৰ সময়ত ছাত্র অথবা ছাত্রী আৱাসীগৰাকীক অন্য এটা আৱাসলৈ নিজৰ সম্পূর্ণ ব্যয়–বস্তু, কিতাপ–পত্র তথা নথি–পত্রৰে সৈতে স্থানান্তৰিত হ’বলৈ বাধ্য কৰোৱা হ’ব পাৰে৷ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীসকল৷ তেনে পৰিপ্রেক্ষিতত  স্নাতকোত্তৰ ছাত্র সন্থাৰ উদ্যোগত প্রায় শতাধিক ছাত্র–ছাত্রীয়ে বিশ্ববিদ্যালয়ৰ প্রশাসনীয় ভৱনৰ সন্মুখত উপস্থিত হৈ প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰাৰ প্রাকমুহূর্তত প্রতিবাদস্থলীত উপস্থিত হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্রেণীসমূহৰ সচিব ড০ দিলীপ বৰা৷ সচিব ড০ বৰাই ছাত্র–ছাত্রীসকলক এইবুলি জনাই যে ‘বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ শ্রেণীৰ প্রথম ষাণ্মাসিকত নামভর্তি কৰা ছাত্র–ছাত্রীসকলৰ সুবিধাৰ বাবেহে এনে পন্থা গ্রহণ কৰা হ’ব পাৰে বুলি কর্তৃপক্ষই সিদ্ধান্ত লৈছে৷ এই সন্দর্ভত বর্তমানৰ ছাত্র–ছাত্রীসকলে প্রতিবাদ কৰাৰ কোনো যুক্তি নাই৷

আনহাতে বিশ্ববিদ্যালয় কর্তৃপক্ষৰ সৈতে পূর্বতে এই সম্পর্কত কোনোধৰণৰ আলোচনা নকৰাকৈ গণতান্ত্রিক আন্দোলনৰ কার্যসূচী গ্রহণ কৰাতো এক অযুক্তিকৰ কথাহে৷ ইয়াৰ পিছত স্নাতকোত্তৰ ছাত্র সন্থাৰ উদ্যোগত প্রতিবাদকাৰী ছাত্র–ছাত্রীসকলে শ্রেণীসমূহৰ সচিব ড০ বৰাৰ হাতত এখন স্মাৰক–পত্র প্রদান কৰে৷ স্মাৰক–পত্রখনৰ জৰিয়তে হোষ্টেল স্থানান্তৰকৰণৰ প্রস্তাৱ বাতিল কৰিবলৈ দাবী জনোৱাৰ লগতে ৪৫ দিনৰ ভিতৰত বিশ্ববিদ্যালয়ৰ প্রতিটো বিভাগৰ ফলাফলসমূহ ঘোষণা কৰা, বেক তথা বেটাৰমেণ্ট পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ দাবী জনায়৷ তদুপৰি দুবাৰকৈ স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ ক্ষেত্রত অগ্রাধিকাৰ দিবলৈও দাবী জনায়৷ স্মাৰক–পত্র গ্রহণ কৰি সচিব ড০ দিলীপ বৰাই হোষ্টেল স্থানান্তৰকৰণৰ বিষয়টো মাঘ বিহুৰ পিছত কর্তৃপক্ষৰ সৈতে অনুষ্ঠিত হ’বলগীয়া বৈঠকত আলোচনা কৰি ছাত্র–ছাত্রীৰ হকে সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলি সদৰী কৰাৰ লগতে অন্য দাবীসমূহ পর্যায়ক্রমে সমাধান কৰিব বুলিও আশ্বাস দিয়ে৷ উল্লেখ্য যে সদৌ অসম ছাত্র সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় গোটৰ এটি প্রতিনিধি দলে হোষ্টেল স্থানান্তৰকৰণৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত কালি বিশ্ববিদ্যালয় শ্রেণীসমূহৰ সচিব ড০ দিলীপবৰাক সাক্ষাৎ কৰি এখন স্মাৰক–পত্র দাখিল কৰে৷

You might also like