নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজ্জীৱন স্মল ফাইনেন্স বেংকৰ বিৰুদ্ধে মঠঘৰীয়াত গ্রাহকৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ যি সময়ত ৰাজ্য চৰকাৰে মাইক্র’ ফাইনেন্সৰ বিৰুদ্ধে আইন প্রণয়ন কৰি মাহেকীয়া কৃষ্টিৰ ধন ঘৰে ঘৰে গৈ সংগ্রহৰ পৰা বিৰত থাকিবলৈ নির্দেশ জাৰি কৰিছে, তেনে সময়তে একাংশ মাইক্র’ ফাইনেন্স কোম্পানীৰ কর্মচাৰীয়ে গ্রাহকক মানসিক নির্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে৷

শেহতীয়াকৈ উজ্জীৱন স্মল ফাইনেন্স কোম্পানীটোৰ কর্মচাৰীয়ে মঠঘৰীয়াৰ বাপুজী নগৰত ঘৰে ঘৰে গৈ গ্রাহকক কৃষ্টিৰ ধন বিচাৰি ভয়–ভাবুকি আৰু হাৰাশাস্তি কৰি আহিছে৷ আজি ভুক্তভোগী গ্রাহকসকলে মঠঘৰীয়াৰ বাপুজী নগৰৰ বিহুতলীত উজ্জীৱন স্মল ফাইনেন্স কোম্পানীটোৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে৷ উজ্জীৱন স্মল ফাইনেন্স কোম্পানীটোৰ কর্মচাৰীয়ে কালি বিনিতা দাস নামৰ মহিলাগৰাকীৰ ঘৰৰ পৰা মাহেকীয়া কৃষ্টিৰ ধন নাপাই গেছ চিলিণ্ডাৰ লৈ যায় বুলি জানিবলৈ দিয়ে৷ উজ্জীৱন স্মল ফাইনেন্স কোম্পানীটোৰ বিৰুদ্ধে শীঘ্রে ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক ভুক্তভোগী গ্রাহকসকলে আহ্বান জনাইছে৷

You might also like