ড০ ফুকন বসুমতাৰী–জয়শ্রী গোস্বামী মহন্তলৈ সাহিত্য অকাডেমি বঁটা; মুখ্যমন্ত্ৰীৰ শুভেচ্ছা
নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ চলিত বৰ্ষৰ সন্মানীয় সাহিত্য অকাডেমি বঁটা ক্ৰমে ড০ ফুকন বসুমতাৰী–জয়শ্রী গোস্বামী মহন্তলৈ আগবঢ়োৱা হৈছে ।
‘চাণক্য’ নামৰ উপন্যাসখনৰ বাবে ড০ জয়শ্রী গোস্বামী মহন্ত আৰু ‘আখাই আথুমনিফ্রাই’ নামৰ বড়ো কবিতা পুথিৰ বাবে কবি ড০ ফুকন চন্দ্র বসুমতাৰীক স্বীকৃতি প্রদান কৰিছে সাহিত্য অকাডেমিয়ে ৷
উল্লেখ্য যে বিগত চাৰিটা দশক ধৰি সাহিত্য সৃষ্টিৰ সৈতে জড়িত হৈ থকা ড০ গোস্বামীয়ে ৰচনা কৰা গ্রন্থৰ সংখ্যা হৈছে ৬৮খন ৷ গান্ধাৰী, বিশ্বৰ শ্রেষ্ঠ সাধু, অন্য এক ৰত্নাকৰ আদি হৈছে তেওঁৰ অন্যতম সমাদৃত গ্রন্থ ৷ বিগত বর্ষত পদ্মশ্রী সন্মানেৰে সন্মানিত ড০ গোস্বামীৰ গ্রন্থ হিন্দী, মাৰাঠী, বড়ো ভাষালৈও অনূদিত হৈছে ৷ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ পত্নী ড০ গোস্বামী ৰাজ্যসভাৰো সাংসদ আছিল ৷
আনহাতে, বহু বছৰ ধৰি কাব্য–চর্চা কৰি অহা ড০ বসুমতাৰীয়ে বিগত সময়ছোৱাত উত্তৰ–পূর্বাঞ্চলৰ ভাষাসমূহক লৈ গৱেষণাও কৰি আহিছে ৷ বর্তমানলৈ তেওঁৰ প্রকাশিত গ্রন্থৰ সংখ্যা হৈছে ১৬খন ৷ ইয়াৰে দুখন কবিতা পুথি আৰু আন ১৪খন গৱেষণা গ্রন্থ ৷ সাহিত্য অকাডেমিৰ স্বীকৃতি লাভ কৰা ‘আখাই আথুমনিফ্রাই’ কাব্য পুথিখন ২০১৫ চনত প্রকাশ কৰা হৈছিল ৷ সম্প্রতি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্রাধ্যাপক হিচাপে কর্মৰত ড০ বসুমতাৰী ৷
চলিত বর্ষৰ সাহিত্য অকাডেমি বঁটাপ্রাপক ড০ গোস্বামী আৰু ড০ বসুমতাৰীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৷ এক বিবৃতিত মুখ্যমন্ত্রীয়ে আগন্তুক দিনসমূহতো সাহিত্যিক দুগৰাকীয়ে ৰাজ্যৰ ভাষা–সাহিত্যৰ উত্তৰণৰ দিশত অনবদ্য সেৱা আগবঢ়াই যাব বুলি আশা প্রকাশ কৰে ৷
উল্লেখ্য যে অহা ২৫ ফেব্রুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত সাহিত্য অকাডেমি বঁটাসমূহ প্রদান কৰা হ’ব ৷ এই বঁটাত আছে স্মাৰক, এখন শ্বল আৰু এক লাখ টকা ৷