নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখনৰ পাছত আন এখন দেশৰ Corona Vaccine ৰ একমাত্ৰ ভৰসা এতিয়া ভাৰত!

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ দেওবাৰে ভাৰতৰ ড্রাগ কন্ট্রোল জেনাৰেল অফ ইন্ডিয়াৰ তৰফৰ পৰা ক’ভিশ্বিল্ড আৰু ক’ভাক্সিনক ব্যৱহাৰৰ অনুমতি দিয়া হয়।

ইপিনে প্রায় ১০ মাহ ধৰি মাৰাত্মক ক’ভিড–১৯ক লৈ শংকিত দেশবাসীক এই ভয়াৱহ ভাইৰাছটোৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে ১০ দিন ভিতৰত দেশত ক’ভিড–১৯ৰ গণটিকাকৰণ আৰম্ভ হ’ব বুলি কালি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ঘোষণা কৰিছে৷

চিৰাম ইনষ্টিটিউটে তৈয়াৰ কৰা অক্সফোর্ড-এষ্ট্ৰোজেনেকা ক’ৰোনা ভেকছিন নিবলৈ ব্ৰাজিল চৰকাৰে কূটনৈতিকভাবে চেষ্টা কৰিছে। তেওঁলোকৰ আশংকা যে ব্ৰাজিলত পুনৰ ক’ৰোনা সংক্ৰমণ অধিক বিপদজনক হ’ব পাৰে। যাৰ বাবে ভাৰতৰ পৰা ব্ৰাজিল চৰকাৰে যিমান সম্ভৱ সোনকালে ভেকছিন আমদানি কৰি সংকট দূৰ কৰিবলৈ চেষ্টা কৰি আছে।

You might also like