ভাৰতৰ এছ-৪০০ সমৰাস্ত্ৰ ক্ৰয়ঃ নাৰাজ আমেৰিকাই লগাব পাৰে প্ৰতিবন্ধ
নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ ৰাছিয়াৰ সমৰ অস্ত্ৰ এছ-৪০০ক লৈ ভাৰতৰ ওপৰত আমেৰিকাই লগাব পাৰে প্ৰতিবন্ধ। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অত্যাধুনিক সমৰাস্ত্ৰ এছ-৪০০ ৰাছিয়াই নিৰ্মাণ কৰাৰ পিছতে ই অতি সফল অস্ত্ৰ ৰূপে পৰিগণিত হোৱাত চীনকে ধৰি ৫খন দেশে ইয়াক ক্ৰয় কৰাৰ বাবে চুক্তিবদ্ধ হয়। এই ৫ দেশৰ মাজত ভাৰতো অন্যতম।
২০১৮ চনত এইক্ষেত্ৰত ভাৰতে ৰাছিয়াৰে চুক্তিবদ্ধ হয়। কিন্তু আমেৰিকাই ৰাছিয়াৰ এছ-৪০০ ক্ৰয়ৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰিছে নঞাৰ্থক মনোভাব। নাটোৰ সহযোগী দেশ তুৰ্কীয়ে এই মাৰণাস্ত্ৰ ক্ৰয়ৰ পিছতে আমেৰিকাই তুৰ্কীৰ ওপৰত আৰোপ কৰিছে প্ৰতিবন্ধ। কিন্তু এতিয়া আমেৰিকাই এইক্ষেত্ৰত ভাৰতৰ ওপৰতো চাপ সৃষ্টি কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে আমেৰিকাৰ কংগ্ৰেছনেল ৰিছাৰ্চ ছাৰ্ভিচৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্যৰ আধাৰত।
এই প্ৰতিবেদন মতে, ‘ভাৰত প্ৰযুক্তিগত শ্বেয়াৰ আৰু সহ উৎপাদনৰ প্ৰতি আগ্ৰহী। কিন্তু আমেৰিকাই বিচাৰে ভাৰতৰ প্ৰতিৰক্ষা সম্বন্ধীয় সংস্কাৰ আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ।’ ইয়াৰ লগতে প্ৰতিবেদনখনত এছ-৪০০ ক্ৰয়ৰ প্ৰসংগত আমেৰিকাই ভাৰতৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰো সন্দেহ প্ৰকাশ কৰা হৈছে।
দেশৰ শীৰ্ষ সংবাদ মহলত এই বিষয়টো আমেৰিকাৰ ভাৰতৰ প্ৰতি শীতল ভাবুকি ৰূপে চৰ্চা হৈছে। আনহাতে ৰাছিয়াৰ এছ-৪০০ সমৰাস্ত্ৰ আমেৰিকাৰ অত্যাধুনিক এফ-৩৫ যুদ্ধবিমানৰ প্ৰতি এক ভাবুকি বুলিয়েই আমেৰিকাই ইয়াক ক্ৰয়ৰ ক্ষেত্ৰত নেতিবাচক ভূমিকা প্ৰদৰ্শন কৰি আহিছে।