নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ উত্তৰ প্রদেশত পুনৰ পাশৱিক ধর্ষণ তথা হত্যাৰ ঘটনা সংঘটিত হৈছে৷ ৰাজ্যখনৰ বাডাউন জিলাত এগৰাকী ৫০ বছৰীয়া অংগনৱাড়ী কর্মীক দুই দুর্বৃত্তই ধর্ষণ কৰি হত্যা কৰা ঘটনাক কেন্দ্র কৰি সমগ্র দেশত সৃষ্টি হৈছে চাঞ্চল্য৷ ঘটনাৰ পিছতে আৰক্ষীয়ে দুয়োটা দুর্বৃত্তক গ্রেপ্তাৰ কৰিছে৷ বাডাউনৰ জিলা দণ্ডাধীশ প্রশান্ত কুমাৰে উল্লেখ কৰা অনুসৰি গ্রেপ্তাৰ হোৱা দুর্বৃত্ত দুটা স্থানীয় পূজাৰী এজনৰ সহযোগী৷ মৰণোত্তৰ পৰীক্ষাত মহিলাগৰাকীৰ ওপৰত গণধর্ষণ চলাৰ প্রমাণ পোৱাৰ পিছত আৰক্ষীয়ে তাৎক্ষণিকভাৱে দুয়োটা দুর্বৃত্তক গ্রেপ্তাৰ কৰিছে৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ পূজাৰীজন পলাই আছে৷ মহিলাগৰাকীৰ ভৰি আৰু কান্ধৰ হাড় ভাগি যোৱাৰ উপৰি গুপ্তাংগৰ পৰা অধিক ৰক্তক্ষৰণ হোৱা বুলিও আৰক্ষীয়ে সংবাদ মাধ্যমক জনাইছে৷ লক্ষণীয়ভাৱে এই জঘন্য হত্যাকাণ্ডৰ পিছতে যোগী আদিত্যনাথ চৰকাৰৰ বিৰুদ্ধে বিৰোধী দলসমূহে ক্ষোভ উজাৰিছে৷ ইফালে কর্তব্যত গাফিলতি কৰাৰ অভিযোগত উঘাইটি থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীক নিলম্বন কৰা হৈছে৷