নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ পাঁচ ৰাজ্যত বার্ড ফ্লুত কেইবালাখো পক্ষীৰ মৃত্যু

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ  ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ সংহাৰ অব্যাহত থকাৰ সময়তে ভাৰতৰ কেইবাখনো ৰাজ্যত বার্ড ফ্লুৱে কঢ়িয়াই আনিছে আতংক৷ বিগত ১০ দিনৰ ভিতৰত দেশজুৰি মৃত্যু হৈছে বিভিন্ন প্রজাতিৰ কেইবালাখো পখী৷ হিমাচল প্রদেশ, মধ্য প্রদেশ, কেৰালা, ৰাজস্থান আৰু হাৰিয়ানাত ইতিমধ্যে এই পক্ষীবোৰৰ দেহত বার্ড ফ্লু ধৰা পৰিছে৷ কেৰালাই কেইবাখনো জিলাত হাই এলার্ট জাৰি কৰিছে৷ ইফালে, বহু কুকুৰা পুতি পেলোৱাৰ সিদ্ধান্ত লৈছে কেৰালা চৰকাৰে৷ অৱশ্যে ইয়াৰ বাবে পক্ষীপালকসকলক চৰকাৰে ক্ষতিপূৰণ দিয়াৰো সিদ্ধান্ত লৈছে৷ বার্ড ফ্লুক লৈ এই পাঁচখন ৰাজ্যত সতর্কবাণী জাৰি কৰাৰ পিছতে কর্ণাটক আৰু তামিলনাডুতো বিষয়টোক লৈ বিশেষ তৎপৰতা গ্রহণ কৰা হৈছে৷

স্মর্তব্য যে হিমাচলৰ সমীপৱর্তী জম্মু–কাশ্মীৰ আৰু হাৰিয়ানাত বিগত চাৰি দিনৰ ভিতৰত কেইবাহাজাৰো পক্ষীৰ মৃত্যু হৈছে৷ অৱশ্যে এতিয়ালৈকে পক্ষীৰ দেহৰ পৰা মানুহৰ দেহলৈ বার্ড ফ্লু ভাইৰাছৰ সংক্রমণ ঘটাৰ কোনো তথ্য চৰকাৰৰ হাতত পৰা নাই৷ কিন্তু এই বার্ড ফ্লুৱে পোহনীয়া পশু–পক্ষীৰ দেহলৈ দ্রুতগতিত সংক্রমণ ঘটোৱাৰ আশংকাই দেখা দিছে৷ কেৰালা চৰকাৰে প্রকাশ কৰা অনুসৰি তাৎক্ষণিকভাৱে বার্ড ফ্লুত প্রতিৰোধ লগাব নোৱাৰিলে পশুপালকসকল ভয়ংকৰ সংকটৰ সন্মুখীন হোৱাৰ আশংকা আছে৷ বার্ড ফ্লুৰ ১২টাকৈ অভিকেন্দ্র ইতিমধ্যে চিনাক্ত কৰা হৈছে৷ কেন্দ্রীয় চৰকাৰে ৰাজ্যসমূহক এইক্ষেত্রত গ্রহণ কৰিবলগীয়া সতর্কতা ব্যৱস্থা সন্দর্ভত ইতিমধ্যে লিখিতভাৱে জনাইছে৷ কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা ৰাজ্যসমূহলৈ তাৎক্ষণিকভাৱে নির্দেশাৱলী প্রেৰণ কৰা হৈছে৷ লক্ষণীয়ভাৱে তামিলনাডুৱে কেৰালা সীমান্তৱর্তী অঞ্চলত ২৬টাকৈ তালাচী চকী বহুৱাইছে যাতে ৰাজ্যখনৰ কুকুৰা, হাঁহ আদি তামিলনাডুলৈ প্রেৰণ কৰিব নোৱাৰে৷ হাৰিয়ানায়ো অনুৰূপ ব্যৱস্থা গ্রহণ কৰিছে৷

You might also like