নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্ৰাম্প সমৰ্থকৰ সংসদ ভৱন লণ্ডভণ্ডৰ মজা ল’লে চীনে, ক্ষুৰধাৰ টিপ্পনি

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক পুনৰ ৰাষ্ট্ৰৰ দায়িত্ব প্ৰদানৰ বাবে আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিৰ কেপিট’ল হিলস্থিত সংসদ ভৱনত উৎপাত কৰে ট্ৰাম্পৰ সমৰ্থকে। এই কাৰ্যক লৈ অন্য দেশৰ দৰে চীনেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

কিন্তু চীনৰ প্ৰতিক্ৰিয়া যেন আছিল অলপ বেলেগ। চীনে কেপিট’ল হিলত ট্ৰাম্প সমৰ্থকৰ প্ৰতিবাদক ২০১৯ৰ জুলাইত সংঘটিত হংকং কাণ্ডৰে তুলনা কৰে। সেই সময়ত লোকতন্ত্ৰৰ সমৰ্থকে নিৰাপত্তাৰক্ষীৰ বেৰিকেড ভাঙি প্ৰৱেশ কৰিছিল সংসদ ভৱনত। হংকং প্ৰশাসনে গৃহীত কৰা এখন নতুন আইনৰ বিৰুদ্ধে সমৰ্থকসকলে প্ৰতিবাদ কৰিছিল।

চীনে আমেৰিকাৰ ঘটনাক লৈ শান্তি, স্থিৰতা আৰু সুৰক্ষা স্থাপনৰ আশা ব্যক্ত কৰে যদিও হংকং কাণ্ডৰ সময়ত আমেৰিকা চৰকাৰ আৰু প্ৰচাৰ মাধ্যমৰ প্ৰতিক্ৰিয়াৰ বিষয়েও উল্লেখ কৰে। চীনা বিদেশ মন্ত্ৰালয়ে কয়- ”ট্ৰাম্পৰ সমৰ্থকক আমেৰিকান প্ৰচাৰ মাধ্যমে হিংসুক, ঠগ-প্ৰৱঞ্চক, উগ্ৰবাদী আদি শব্দৰে অভিহিত কৰিছে, কিন্তু হংকঙৰ দাংগাৰ সময়ত তেওঁলোকে কি শব্দ ব্যৱহাৰ কৰিছিল- ‘সুন্দৰ দৃশ্য’, ‘লোকতন্ত্ৰৰ যুঁজাৰু’…”।

চীনৰ মতে, দেশৰ ৰাজনীতিৰ মন্দিৰ ৰূপে পৰিচিত সংসদ ভৱনত আক্ৰমণ গৰিহণাযোগ্য যদিও আমেৰিকাই চীনৰ হংকং কাণ্ডৰ সময়ত ইয়াক প্ৰশংসা কৰিছিল।

You might also like