ভোগালী বিহুৰ উৰুকাত সীমিত বন্ধ
নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ ৰাজ্যৰ সমবিকাশৰ লক্ষ্যক বাস্তৱায়িত কৰাৰ এক গুৰত্বপূর্ণ পদক্ষেপ হিচাপে অসম চৰকাৰে বৰাক উপত্যকাৰ মাণ্ডলিক আয়ুক্ত কার্যালয় গুৱাহাটীৰ পৰা শিলচৰলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লৈছে৷ তাৎক্ষণিকভাৱে কার্যকৰী হ’বলগীয়া এই সিদ্ধান্তৰ জৰিয়তে চৰকাৰী কাম–কাজৰ ক্ষেত্রত উপত্যকাটোৰ জনসাধাৰণ বিশেষভাৱে উপকৃত হ’ব৷ আনহাতে, আন এক সিদ্ধান্তৰ জৰিয়তে ৰাজ্য চৰকাৰে ভোগালী বিহুৰ উৰুকাৰ দিনাখন সীমিত বন্ধৰ দিন ঘোষণা কৰিছে৷