ৰাষ্ট্রীয় সংগীত শুনি উচুপি উঠিল চিৰাজ
নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ ভাৰতীয় টেষ্ট দলৰ জার্ছী পৰিধান কৰি ৰাষ্ট্রীয় সংগীত শুনাৰ গৌৰৱে আৱেগিক কৰি তুলিলে টীম ইণ্ডিয়াৰ নতুন তাৰকা মহম্মদ চিৰাজক৷ সদ্যপ্রয়াত পিতৃৰ সপোন পূৰণ কৰি শেহতীয়াকৈ টেষ্ট অভিষেক ঘটোৱা হায়দৰাবাদৰ উদীয়মান বেগী বলাৰগৰাকীয়ে আজিৰে পৰা আৰম্ভ হোৱা তৃতীয় টেষ্টৰ পূর্বে ৰাষ্ট্রীয় সংগীত শুনি চকুলো টোকা দেখা যায়৷ ঐতিহাসিক বক্সিং ডে’ টেষ্টত অভিষেক ঘটাই চমকপ্রদ বলিঙেৰে উজলি উঠা চিৰাজে দিনটোৰ খেলৰ শেষত কয় যে ৰাষ্ট্রীয় সংগীত বাজিবলৈ আৰম্ভ হোৱাৰ সময়তে তেওঁৰ মনলৈ আহিছিল সদ্যপ্রয়াত পিতৃৰ স্মৃতি৷ এই স্মৃতিয়ে তেওঁক অত্যন্ত আৱেগিক কৰি তুলিছিল বাবে ক্রিকেটাৰগৰাকীৰ দুচকুৰে অশ্রু নিগৰি আহিছিল বুলি চিৰাজে উল্লেখ কৰে৷ মন কৰিবলগীয়া যে চিৰাজ অষ্ট্রেলিয়া ভ্রমণত ব্যস্ত থকাৰ সময়তে যোৱা মাহত তেওঁৰ পিতৃয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল৷