টি এম পি কেৰ সোণালী জয়ন্তী উপলক্ষে জোনাইৰ ইতিহাস সন্দৰ্ভত আলোচনা
নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ অহা ১৬ আৰু ১৭ জানুৱাৰীত টি এম পি কেৰ সোণালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি সম্পাদনা সমিতিৰ উদ্যোগত জোনাই কৃষ্টি কৗবাঙৰ মৃৰং ঘৰত জোনাই মহকুমাৰ বুৰঞ্জীমূলক উৎপত্তিৰ বিষয়ে মিচিং বাঃনৗ কৗবাঙৰ গাঁও সমিতিৰ অৰ্থাৎ গামসকলক লৈ এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ৷
মিচিং বাঃনৗ কৗবাঙৰ সাধাৰণ সম্পাদক, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যকৰী সদস্য তথা টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি ৰাজু মৗদগ্ আৰু সম্পাদনা সমিতিৰ সভাপতি মুক্তিনাথ পেগুৱে সভাপতিত্ব হোৱা আলোচনা চক্ৰত উদ্দেশ্য ব্যাখ্যা কৰে অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক নৰেশ কুম্বাঙে ৷
আলোচনা চক্ৰত জোনাইৰ মহকুমাৰ কেমি-জেলম, চিলে, আঃনে বিল্লাম, জোনাই বাংকে, জোনাই আঃনে বিল্লাম, ডেবিং দেতাক, চিগা বাংকে টাৰি ৰোদেং চিগাকে ধৰি ১৬খন বাংকেৰ গাম আৰু টি এম পি কেৰ সভাপতি ৰাজকুমাৰ মৰাঙকে প্ৰমুখ্য কৰি প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া ৰাসেশ্বৰ পায়েং, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ, মাধৱ চন্দ্ৰ পাৱ, অন্নৰাম পেগু , জন্মেশ্বৰ মৗদগ্ , ৰবি কুম্বাং, নন্দেশ্বৰ ৰেগন, দুৰ্ণকান্ত পেগু , তোষেশ্বৰ মিৰি, বিজয় পেগু , বলেশ্বৰ কাৰ্দং, উমা মৰাং, তুলাৰাম মৰাং, ভূপেন দলেৰ লগতে জোনাই অঞ্চলৰ বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।