নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত তেল টেংকাৰসহ ৫খন বাহন আৰু অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ

 নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ চিৰাং আৰক্ষীয়ে আজি তেলচোৰ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই এখন ইন্ধনভৰ্তি টেংকাৰৰ লগতে অন্যান্য ৪খন বাহন, ইন্ধনভৰ্তি ড্ৰাম ৮টা আৰু অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰিছে।

চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, আজি পুৱা প্ৰায় ১০-৩০ বজাত চিৰাং আৰু বঙাইগাঁও জিলাৰ সীমা সংলগ্ন তথা ঢালিগাঁও থানাৰ অন্তৰ্গত খাৰিজা দোলাইগাঁৱত এই অভিযান চলোৱা হৈছিল। তেল চুৰি চক্ৰই অবৈধভাৱে টেংকাৰৰ পৰা তেল চুৰ কৰি থকা বুলি গোপন সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত উপ-আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত তথা ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ নাৰ্জাৰীৰ সহযোগত আৰক্ষীৰ এটি দলে অভিযান চলায়।

আৰক্ষী দলৰ উপস্থিতিৰ উমান পাই তেল চুৰিত জড়িত লোকসকলে পকী বেৰ বগাই পিছফালে পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এন এল ০২ এল-৭৬৩৪ নম্বৰ ট্ৰাক টেংকাৰ এখন, টাটা এচিই (নম্বৰ- এ এছ ১৯ এ চি ৩০৭৭), এপে (নম্বৰ-এ এছ ১৯ চি ৯৮৮৫), বাজাজ ডিচকভাৰ (নম্বৰ-এ এছ ১৪ বি ৭৪১২), টিভিএছ স্কুটাৰ (নম্বৰ-এ এছ ১৫ আৰ ৪০৭৫) বাহনকেইখনৰ উপৰি তেলভৰ্তি ড্ৰাম ৮টা,খালী ড্ৰাম ২০টা,মটৰ পাম্প এটা, পাইপ ৪ ডাল, মোবাইল ফোন ৩টা, তেল জোখা পাত্ৰ ২টা আৰু অন্যান্য আপত্তিজনক সামগ্ৰী কিছুমান জব্দ কৰে।

জব্দ কৰা বাহন আৰু সামগ্ৰীসমূহ পাছত ঢালিগাঁও থানালৈ লৈ যায়। ঢালিগাঁও থানাত জি ডি এন্ট্ৰী নং-২১৫ ত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জানিবলৈ দিয়ে।

উল্লেখ্য যে সময়ে সময়ে চিৰাং আৰক্ষীয়ে তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ইয়াৰ পূৰ্বেও চিৰাং আৰক্ষীয়ে অভিযান চলাই ইন্ধন ভৰ্তি ট্ৰাক টেংকাৰ আৰু অন্যান্য বাহন জব্দ কৰিবলৈ সক্ষম হৈছে। অঞ্চলটোত এটা বৃহৎ তেল চুৰি চক্ৰ সক্ৰিয় হৈ থকা বাবে আৰক্ষীয়ে এই অভিযান অব্যাহত ৰাখিছে।

You might also like